অসম

assam

ETV Bharat / state

Brokers in Police Station : শোণিতপুৰত এজাহাৰ লিখা সাতজন বেচৰকাৰী লোকক গ্ৰেপ্তাৰ - Brokers of police station arrested

থানাত এজাহাৰ লিখি ধন ঘটা একাংশ লোকক দেওবাৰে আটক কৰে শোণিতপুৰ আৰক্ষীয়ে (Brokers of police station arrested) ৷

Brokers in police station
শোণিতপুৰত এজাহাৰ লিখা সাতজন বেচৰকাৰী লোকক গ্ৰেপ্তাৰ

By

Published : Jan 16, 2022, 10:34 PM IST

তেজপুৰ, ১৬ জানুৱাৰী : শোণিতপুৰ জিলাৰ বিভিন্ন থানা তথা আৰক্ষী চকীত গোচৰ ৰুজু কৰিবলৈ অহা লোকক এজাহাৰ লিখি দিয়া বেচৰকাৰী লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে শোণিতপুৰ আৰক্ষীয়ে ৷ দেওবাৰে এনে সাতজন লোকক জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Brokers of police station arrested) ৷ এইসকলৰ ভিতৰত এগৰাকী মহিলাও আছে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ ঢেকীয়াজুলি, মিছামাৰী, ঠেলামৰা, জামুগুৰি থানা আৰু ৰাক্ষসমাৰী, বৰঘাট আৰক্ষী চকী এলেকাত অভিযান চলায় ৷ অভিযানকালত তেজপুৰ সদৰ থানাৰ অধীনষ্ঠ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত উত্তম দত্ত, ৰাক্ষসমাৰী আৰক্ষী চকীৰ অন্তৰ্গত অৰুণ পাল, ঠেলামৰা আৰক্ষী থানা অন্তৰ্গত মফিজ আলী, মিছামাৰী থানাৰ অন্তৰ্গত শ্যামন্ত দাস, জলিল মুন্সী, জামুগুৰি থানাৰ অন্তৰ্গত ত্ৰিদীপ ৰায় ভূঞা আৰু ঢেকীয়াজুলি থানাৰ অন্তৰ্গত জলি গোস্বামী নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে ।

শোণিতপুৰত এজাহাৰ লিখা সাতজন বেচৰকাৰী লোকক গ্ৰেপ্তাৰ

জিলাখনৰ বিভিন্ন থানা আৰু আৰক্ষী চকীসমূহত বেচৰকাৰী লোকে পূৰ্বৰে পৰা এজাহাৰ লিখি আহিছিল ৷ আনকি এজাহাৰ লিখি দিয়াৰ বাবে এনে লোকৰ ওচৰলৈ আৰক্ষীয়েই গুচৰীয়াক প্ৰেৰণ কৰাৰো নজিৰ আছে ৷

তদুপৰি একাংশ লোকে বিভিন্ন সময়ত মধ্যভোগীৰো ভূমিকা পালন কৰে আৰক্ষী আৰু বিবাদী পক্ষৰ মাজত ৷ আৰক্ষীৰ সৈতে সু-সম্পৰ্কৰ সুযোগ গ্ৰহণ কৰি প্ৰতাপী হৈ পৰা এনে একাংশ বেচৰকাৰী লোকৰ দপদপনিৰ বিষয়ে বিগত সময়চোৱাত চৰ্চা অব্যাহত থকাৰ মাজতেই শোণিতপুৰত আৰক্ষীয়ে হঠাতে চলোৱা অভিযানত সাতজন এজাহাৰ লিখা বেচৰকাৰী লোকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, এইসকল লোকৰ বিৰুদ্ধে তেওঁলোকে লাভ কৰা অভিযোগৰ ভিত্তিতে এই অভিযান চলোৱা হয় ৷

লগতে পঢ়ক: কেৱল থানাৰ নহয়, সকলো দালালক গ্ৰেপ্তাৰ কৰিব লাগে: প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details