অসম

assam

By

Published : May 7, 2021, 4:21 PM IST

ETV Bharat / state

অৰুণাচলত ক’ভিডৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস বিআৰঅ’ৰ

অৰুণাচল প্ৰদেশৰ ভিতৰুৱা অঞ্চলত বি আৰ অ’ই অব্যাহত ৰাখিছে ক’ভিড-১৯ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস । অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা যাত্ৰা আৰম্ভ কৰি পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সীমান্ত পৰিদৰ্শন কৰি প্ৰদেশখনৰ বাসিন্দা সকলৰ মাজত ক’ভিড -১৯ৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে পথ সুৰক্ষা সম্পৰ্কেও সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰে দলটোৱে ।

bro-bike-rally
অৰুণাচলত ক’ভিডৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস বিআৰঅ’ৰ

তেজপুৰ, ৭ মে': অৰুণাচল প্ৰদেশৰ ভিতৰুৱা অঞ্চলত বি আৰ অ’ই অব্যাহত ৰাখিছে ক’ভিড-১৯ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস । সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ’ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা ১৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাইক চলাই তেজপুৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় বি আৰ অ’ৰ প্ৰজেক্ট ভৰ্তকৰ চাৰিজন বিষয়া ।

যোৱা ১ মে'ৰ দিনা অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা যাত্ৰা আৰম্ভ কৰি পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ সীমান্ত পৰিদৰ্শন কৰি প্ৰদেশখনৰ বাসিন্দা সকলৰ মাজত ক’ভিড -১৯ৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে পথ সুৰক্ষা সম্পৰ্কেও সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰে দলটোৱে । এই ৰেলিৰ জৰিয়তে ৭৫ সংখ্যক স্বাধীনতা বৰ্ষ, পথ সুৰক্ষা, ৬১ সংখ্যক বিআৰঅ'ৰ প্ৰতিষ্ঠা দিৱস লগতে ক’ভিড-১৯ৰ সজাগতা সৃষ্টিয়েই আছিল মূল উদ্দেশ্য ।

অৰুণাচলত ক’ভিডৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস বিআৰঅ’ৰ

বি আৰ অ’ৰ তেজপুৰস্থিত মুখ্য কাৰ্যালয়ৰ মুখ্য অভিযন্তা কৰ্ণেল অনিল কঠীয়ালে জনায় যে, আজিৰ দিনটোত ১৯৬০ চনত বিআৰঅ’ই জন্ম লাভ কৰিছিল ৷ বিআৰঅ’ দুটা ভাগত বিভক্ত হৈ আছে; বৰ্তমান ভাৰতৰ দুটা প্ৰান্তত এটা তেজপুৰ যিটো গজৰাজ নামেৰে জনাজাত আৰু আনটো জম্মু কাশ্মীৰৰ শ্ৰীনগৰত ব্যাকন নামেৰে পৰিচিত ।

উল্লেখ্য যে, সীমান্তত পথ নিৰ্মাণ আৰু জৰুৰীকালীন দলং যি কোনো সময়ত তৎকালীন ভাবে দুৰ্যোগৰ পৰা উদ্ধাৰ কৰাই হৈছে এই বিভাগৰ মূল কাম ।

লগতে পঢ়ক: অসমত ঘণ্টাত গড়ে দুজন ক'ভিড ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details