ৰঙাপৰা, 15 জুন : বাৰিষা সমাগত ৷ উন্মুক্ত ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি ৷ বাৰিষাৰ আৰম্ভণিতে নদ-নদীসমূহৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰ নদীয়ে বৰছলাৰ ভৰাশিঙৰীত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে ৷ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ গৰুডোবাৰ তেলীয়াগাওঁ আৰু ভৰাশিঙৰীত ৰাইজৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে ৷
ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ ফলত ভৰাশিঙৰীৰ ছটি পাহাৰত অৱস্থিত ঐতিহাসিক হৰগৌৰী দেৱালয়লৈ ভাবুকি আহি পৰিছে ৷ খহনীয়াৰ কৱলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলত মঙলবাৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সজাতি দল এটাই উপস্থিত হৈ ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লয় ৷ উক্ত খহনীয়াগ্ৰস্ত স্থান পৰিভ্ৰমণ কৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷
বৰছলাৰ ভৰাশিঙৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ, ৰাজ্যৰ জলসম্পদ বিভাগ, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস তথা স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুৱে কোনো ধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে ৷ চৰকাৰৰ নীৰৱতাত বৰ্তমান ৰাইজে দিক-বিদিক হেৰুৱাই নিজৰ গাঠিৰ ধন খৰচ কৰি বাহ গছ আদিৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে ৷
খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চল এনেদৰে বাহ গছ আদিৰে বচোৱাটো সম্ভৱপৰ নহয় ৷ সেয়েহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ জলসম্পদ বিভাগে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দাবী জনাইছে ৷ অন্যথা আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক ভাবে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সকীয়াই দিছে ৷
লগতে পঢ়ক : কাঠত খোদিত হনুমান চালিছা