তেজপুৰ,২৭ জানুৱাৰীঃ বড়ো চুক্তিৰ আধাৰত উত্তৰ অসমৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত হোৱাৰ আশংকাত সোমবাৰে চাহ বাগিচা অধ্যুষিত অঞ্চলত বিৰোধিতাৰে বন্ধ পালন কৰা হয় ৷ সংশ্লিষ্ট চুক্তিৰ ফলত উক্ত অঞ্চলত বসবাস কৰা লোকৰ মাজত সংশয় সৃষ্টি হোৱাৰ বাবে এই বিৰোধিতা প্ৰদৰ্শন কৰে । এন ডি এফ বি ৰ চাৰিটা গোট আৰু বড়ো ছাত্ৰ সন্থাৰ লগতে কেইবাটাও গোটৰ লগত সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত তৃতীয় বড়ো চুক্তি চুক্তি স্বাক্ষৰ হয় ।
বড়ো শান্তি চুক্তিৰ বিৰোধিতাৰে তেজপুৰত প্ৰতিবাদ - তৃতীয় বড়ো চুক্তি স্বাক্ষৰ
বড়ো চুক্তিৰ আধাৰত উত্তৰ অসমৰ কেইবাখনো জিলা অন্তৰ্ভুক্ত হোৱাৰ আশংকাত সোমবাৰে চাহ বাগিচা অধ্যুষিত অঞ্চলত বিৰোধিতাৰে বন্ধ পালন কৰা হয় ৷ এন ডি এফ বিৰ চাৰিটা গোট আৰু বড়ো ছাত্ৰ সন্থাৰ লগতে কেইবাটাও গোটৰ লগত সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত তৃতীয় বড়ো চুক্তি স্বাক্ষৰ হয় ।
বড়ো শান্তি চুক্তি
উল্লেখ্য যে, ১৯৯৩ চনত বড়ো জনগোষ্ঠীয় প্ৰথমখন চুক্তি স্বাক্ষৰিত হৈছিল ৷ ইয়াৰ পিছত ২০০৩ চনত আন এক চুক্তি স্বাক্ষৰিত হয় ৷ বি টি এ ডি গঠনৰ ঠিক ১৬ বছৰ পাছত সোমবাৰে সকলো বিদ্ৰোহী সংগঠনৰ লগত হোৱা চুক্তিৰ ফলত এক দীৰ্ঘদিনীয়া আন্দোলনৰ সমাপ্তি ঘটে ৷
লগতে চাওকঃস্বাক্ষৰিত হ’ল তৃতীয় বড়ো চুক্তি