তেজপুৰ, 26 জুলাই :তিনিদিনীয়া কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ কেজুৱেল শ্ৰমিকসকলে গ্ৰহণ কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী ৷ বৰ্ডাৰ ৰোডছৰ 48 BRTF ৰ কামাণ্ডাৰৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় 200 ৰো অধিক শ্ৰমিকে তেওঁলোকৰ নিয়মীয়া দৰমহাৰ প্ৰদান নকৰাৰ লগতে লকডাউনৰ সময়ত কোনো সুবিধা প্ৰদান নকৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ শ্ৰমিক সকলৰ মতে, প্ৰায় 200 গৰাকী শ্ৰমিকৰ মাহিলী দৰমহা আৰু ভাট্টা নিয়মীয়াকৈ প্ৰদান কৰা হোৱা নাই ৷ ইয়াৰ পূৰ্বে এখন লিখিত পত্ৰৰ যোগেদি জিলাখনৰ 48 BRTF ৰ কামাণ্ডাৰ আৰু শ্ৰম বিভাগৰ বিষয়াক ক'ভিড লকডাউনৰ সময়ত তেওঁলোকৰ প্ৰাপ্যসমূহ মোকোলাই দিবলৈ আহ্বান জনাইছিল প্ৰতিবাদকাৰীসকলে ৷
আনহাতে এই কেজুৱেল শ্ৰমিকসকলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰাটো নিশ্চিত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত প্ৰতিবাদকাৰীসকলে অৰুণাচল প্ৰদেশৰ লোহিত জিলাত সোমবাৰৰ পৰা অৰ্থাৎ 26 জুলাইৰ পৰা 28 জুলাই লৈকে পথসমূহৰ সকলো কাম কাজ বন্ধ কৰি দিছে ৷ লগতে 48 BRTF ৰ কামাণ্ডাৰৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে ৷ উল্লেখযোগ্য যে, শ্ৰমিকসকলে বিগত সময়চোৱাত কোনো ধৰণৰ সহায় নোপোৱাৰ ফলতে এইধৰণৰ চৰম পৰ্যায়লৈ যাবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰী শ্ৰমিকসকলে ৷