তেজপুৰ, ১৯ ছেপ্টেম্বৰ :চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত সীমান্ত তালাচীচকী (BOP to be set up in Arunachal border) স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচল প্ৰদেশ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
অৰুণাচল প্ৰদেশৰ ত্ৰিবিংশতিতম ৰাজ্যিক বন্যপ্ৰাণী বোৰ্ডৰ (SBWL of Arunachal Pradesh) এক জৰুৰী সভাত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰী মামা নাটুং, ৰাজ্যিক বন্যপ্ৰাণী বোৰ্ডৰ উপাধ্যক্ষ, ই এফ এণ্ড চি চিৰ প্ৰধান সম্পাদক ডঃ শৰৎ চৌহান আৰু পি চি চি এফ জিতেন্দ্ৰ কুমাৰৰ উপস্থিতিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে (Arunachal CM pema Khandu) ।
ৰাজ্যখনৰ বনভূমিৰ ওপৰেৰে নিৰ্মাণ কৰিবলগীয়া বিশেষ স্থানসমূহ কাৰ্যক্ষম কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতিৰ বাবে পত্ৰ দাখিল কৰিবলৈ বোৰ্ডে অনুমোদন জনায় । ইয়াৰে ভিতৰত বোৰ্ডে অনুমোদন জনোৱা প্ৰধান প্ৰস্তাৱ হৈছে ডিবাং ভেলী জিলাৰ (Dibang Valley district of Arunachal) 'বলুৱা' নামৰ ঠাইত হেলিপেড আৰু নতুন সীমান্ত আউটপোষ্ট (বি অ’ পি) স্থাপনৰ বাবে বন বিভাগৰ অনুমোদনৰ লগতে ব্ৰুনী আৰু এণ্ডৰেলাত বি অ’ পি স্থাপনৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে ।
এই সকলোবোৰ ডিবাং ভেলী জিলাত স্থাপনৰ বাবে আৰু তাৰ বিপৰীতে ৰাজধানী চহৰ ইটানগৰৰ পথ (road expansion in Itanagar) বহল কৰাৰ বাবে বন আইনৰ অনুমোদন বিচাৰি পাপুম পাৰে জিলাৰ ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰা কোটে নামৰ পথলৈ অধিক সম্প্ৰসাৰণ কৰাও আছে । আনহাতে, পশ্চিম কামেং জিলাৰ ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী বিচিটি পথৰ পিনজোলি নাল্লাহত ১৩৫ মিটাৰ দৈৰ্ঘ্যৰ স্থায়ী দলং নিৰ্মাণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে এই বোর্ডত ।