অসম

assam

By

Published : Dec 14, 2021, 10:31 PM IST

ETV Bharat / state

প্ৰশমিতাৰ স্মৃতিত উন্মোচিত হ’ল প্ৰশমিতা

বিগত বৰ্ষত দুৰাৰোগ্যই কাঢ়ি নিয়া মেধাৱী ছাত্ৰী প্ৰশমিতা হাজৰিকাক পাহৰিব পৰা নাই প্ৰশমিতাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সহপাঠীসকলে ৷ সেয়েহে প্ৰশমিতাৰ স্মৃতিক সজীৱ কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ আনন্দ বৰমুদৈৰ সম্পাদনাৰে মঙলবাৰে উন্মোচিত কৰা হ’ল 'প্ৰশমিতা' শীৰ্ষক এখন গ্ৰন্থ (Prashamita release in Darrang College) ৷

book-inauguration-on-students-death-anniversary
প্ৰশমিতাৰ স্মৃতিত উন্মোচিত হ’ল প্ৰশমিতা

তেজপুৰ, ১৪ ডিচেম্বৰ : জীৱনক জীয়াই থকা দিনকেইটাত বুজিব নোৱাৰি ৷ ইমানেই গম পোৱা যায় যে, এদিন জীৱনৰ পৰা বিদায় ল’ব লাগিব ৷ জীৱনৰ সৈতে কেতিয়া ক’ত লগালগি হৈছিল সেই কথাও গোপন হৈ থাকে ৷ সেইবাবে মৃত্যুও গোপনেই আকস্মিকভাৱে আহে জীৱনলৈ ৷ সেয়াই যেন সত্য ৷

১৯৯২ চনৰ ১২ এপ্ৰিলত জন্ম হৈছিল প্ৰশমিতা হাজৰিকাৰ ৷ অতি মেধাৱী প্ৰশমিতাই তেজপুৰ চেইন্ট জোচেফ কনভেন্ট, তেজপুৰ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ তেজপুৰৰ এখন বিদ্যালয়ত শিক্ষকতা কৰি আছিল ৷ বিগত বৰ্ষত মহামাৰী ক’ৰণাৰ মাজতে দুৰাৰোগ্য ব্যাধিয়ে আজিৰ দিনটোতেই কাঢ়ি নিলে প্ৰশমিতাক ৷ প্ৰশমিতাৰ স্মৃতিক সজীৱ কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ আনন্দ বৰমুদৈৰ সম্পাদনাত প্ৰকাশ পাইছে এক বিশেষ গ্ৰন্থ 'প্ৰশমিতা' ৷

প্ৰশমিতাৰ স্মৃতিত উন্মোচিত হ’ল প্ৰশমিতা

প্ৰশমিতাৰ মৃত্যুৰ এবছৰৰ দিনটোত মঙলবাৰে এই গ্ৰন্থখন উন্মোচন কৰে দৰং মহাবিদ্যালয়(Book release in Darrang College)ৰ অধ্যক্ষ ড৹ জয়শংকৰ হাজৰিকাই ৷ প্ৰশমিতাৰ সকলো সৃষ্টি আৰু কামকাজক সোঁৱৰণ কৰি প্ৰস্তুত কৰা গ্ৰন্থখনৰ সম্পাদক ড৹ আনন্দ বৰমুদৈয়ে কয় যে, প্ৰশমিতাৰ এই মৃত্যুক সহজভাৱে কোনেও ল’ব পৰা নাই ৷ মানুহৰ এবাৰ মৃত্যু হয় তাৰপিছত তেওঁ হয় মৃত্যুহীন ৷ নিয়তীৰ ওচৰত সকলো অসহায় ৷

লগতে পঢ়ক:Road Accident in Morigaon : সুখকৰ নহ’ল জন্মদিনৰ পাৰ্টী, পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে

ABOUT THE AUTHOR

...view details