তেজপুৰ, 13 নৱেম্বৰ:শনিবাৰে তেজপুৰ সাহিত্য সভা ভৱনত বিশিষ্ট নৃত্য পতিয়সী তথা অভিনেত্ৰী কৃষ্ণা দাস নাথৰ "প্ৰতিধ্বনি শুনো মই " নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় (Book Inauguration programme)৷ এই গ্ৰন্থখনত লেখিকা তথা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জীৱনৰ বিস্তীৰ্ণ অভিজ্ঞতা তথা তেখেতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগতে যিসকল বৰেণ্য লোকৰ সান্নিধ্য লাভ কৰিছিল সেইসমূহ অনুভৱ সন্নিৱিষ্ট কৰিছে (Book Inauguration programme in Tezpur)৷
এই কিতাপখনৰ মূল উদ্দেশ্য তেওঁৰ পুৰণি স্মৃতিসমূহ সজীৱ কৰি ৰখাৰ লগতে নৱ প্ৰজন্মক আগুৱাই লৈ যোৱা বুলি প্ৰকাশ কৰে লেখিকাগৰাকীয়ে ৷ এই গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকে অভিনেত্ৰী মলয়া গোস্বামী (Actress Moloya Goswami)৷ প্ৰায় চাৰি বছৰৰ মূৰত তেজপুৰলৈ আহি নিজৰ পুৰণি অভিজ্ঞতা বৰ্ণনা কৰে অভিনেত্ৰীগৰাকীয়ে ৷
তেওঁ কয়-"আগৰ লোক সকলে বাট দেখুৱাই গৈছিল ৷ এতিয়াৰ যুৱ প্ৰজন্মই বৰ সুন্দৰ কাম কৰিছে ৷ নতুন চিন্তাধাৰা, নতুন পৰিকল্পনাৰে বৰ্তমানৰ যুৱ প্ৰজন্মই উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি কাম কৰিছে ৷ এতিয়া গোটেইবোৰ ডিজিটেল হৈছে, তাৰে কিছু কথা অমাৰো বুজিবলৈ টান লাগে ৷ বৰ্তমান সময়ত যিখন ছবিয়েই ভাল হৈছে সেইখনেই কিন্তু দৰ্শকে আদৰি লৈছে ৷ আমি ভাল ছবি উপহাৰ দিব লাগিব ৷ এইক্ষেত্ৰত কিন্তু আমাৰ কিছু প্ৰযুক্তিবিদ্যাৰ সা-সুবিধাৰো নাটনি দেখা যায় ৷ গতিকে আমি সেইটো দিশতো গুৰুত্ব দিয়াটো উচিত ৷"