চতিয়া, 15 জুন :শোণিতপুৰ জিলাৰ চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ধুবিখোলাৰ এখন পকী দলঙত মঙলবাৰে সন্ধিয়া ভাগত উদ্ধাৰ হয় এটি বোমা (Bomb) ৷ বোমা উদ্ধাৰৰ ঘটনাই সমগ্ৰ ইটাখোলা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ধুবিখোলাৰ এজন পথচাৰীয়ে উক্ত বোমাটো প্ৰত্যক্ষ কৰাৰ পাচত চিঞৰ-বাখৰ কৰে আৰু লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় ।
ইটাখোলাৰ ধুবিখোলাত বোমা উদ্ধাৰ - চতিয়াত বোমা উদ্ধাৰ
মঙলবাৰে সন্ধিয়া ভাগত ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ধুবিখোলাৰ এখন পকী দলঙত এটি বোমা (Bomb) উদ্ধাৰ হয় ৷ ধুবিখোলাৰ এজন পথচাৰীয়ে প্ৰত্যক্ষ কৰে উক্ত বোমাটো ৷ বোমাটো এটা মৰ্টাৰ (Mortar) চেল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
বোমা উদ্ধাৰ
ইয়াৰ পাচত ইটাখোলা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ইটাখোলা আৰক্ষীৰ দল উপস্থিত হয় ৷ উদ্ধাৰ হোৱা বোমাটো এটা মৰ্টাৰ (Mortar) চেল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বোমা উদ্ধাৰকাৰী (Bomb Expert)ক খবৰ দিয়ে যদিও বাতৰি প্ৰচাৰ কৰা পৰলৈকে উক্ত স্থানত উদ্ধাৰকাৰী উপস্থিত হোৱা নাই ।
লগতে পঢ়ক :দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী