জামুগুৰিহাট,৮ ছেপ্টেম্বৰ:মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সমাজ পাতলৰচুক শাখাৰ উদ্যোগত আৰু পাতলৰচুক গাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এই ভাওনাৰ বুধবাৰে পূৱা প্ৰাতঃপ্ৰসঙ্গ আৰু দুপৰীয়া নামপ্ৰসংগৰ আয়োজন কৰা হয় ৷ এই উদ্দেশ্যৰে পাতলৰচুক গাঁওলৈ পূৱাৰেপৰা ভক্তৰ লানি নিছিগা সোঁত ৷ অঞ্চলটোৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ শ, শ লোকে আহি ভিৰ কৰেহি নামঘৰ প্ৰাঙ্গণ ৷
ভক্তপ্ৰাণ ৰাইজে শৰাই ,শলিতা, নৈবদ্য আগবঢ়াই বৈকুণ্ঠপুৰি কৰি তোলে পাতলৰচুক নামঘৰ ৷ ৰাইজৰ বিশ্বাস এই নিৰ্দ্দিষ্ট দিনটোত শৰাই শলিতা আগবঢ়ালে মনোবাঞ্চা পুৰণ হয় ৷ সন্ধ্যা হেজাৰ, হেজাৰ চাকি বন্তিৰ পোহৰৰে আলোকিত কৰি তোলে সমগ্ৰ নামঘৰ চৌহদ ৷ ভক্তপ্ৰাণ ৰাইজৰে মিলি নামঘৰত বন্তি প্ৰজ্বলন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷
বন্তি প্ৰজ্বলন কৰি ৰাইজৰ আৰ্শীবাদ গ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই ৰাইজক উদ্দেশ্যি কয়-অসমীয়া সমাজখনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ সৃষ্টিৰাজি আমি যুগমীয়া কৰি ৰাখিব লাগিব ৷ ভাওনা সংস্কৃতিয়ে অসমীয়া সমাজখনক শক্তিশালী কৰি ৰাখিছে ৷ নিশা ভাওনা অনুষ্ঠিত হোৱাৰ পাচত আজি বিয়লি গাঁওবাসী ৰাইজে অনুষ্ঠিত কৰে বোকাখেচা ভাওনা ৷