তেজপুৰ, ১২ ফেব্ৰুৱাৰী : ১৯ নং জম্মু আৰু কাশ্মীৰৰ ৰাইফলছ আৰু ইঞ্জিনীয়াৰ গ্রুপৰ বীৰ সৈনিকসকলক শনিবাৰে পুৱা তেজপুৰ শালনিবাৰী বায়ুসেনাৰ ঘাটিৰ পৰা নতুন দিল্লীলৈ লৈ যোৱা হয় । বিশেষ সূত্ৰত জানিব পৰা মতে শুকুৰবাৰে নিশা ১০ বজাত তেজপুৰ সেনাৰ বেছ হাস্পাতালত জোৱানকেইজনৰ মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰা হয় ৷ ইয়াৰ পাছতেই শনিবাৰে পুৱা ৩ বজাত জোৱানকেইজনৰ মৃতদেহ শালনিবাৰী বায়ুসেনাৰ ঘাটিলৈ লৈ যোৱা হয় আৰু ইয়াৰ পৰা দিল্লী লৈ নিয়া হয় ।
প্ৰচণ্ড শীত আৰু প্ৰতিকূল বতৰৰ বাবে অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত মঙলবাৰে উদ্ধাৰ হোৱা বীৰ জোৱানকেইজনৰ শৱদেহ বৃহস্পতিবাৰে তেজপুৰলৈ অনা হয় । উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত ভাৰত চীন সীমান্তৰ তহলদাৰী এটা দলৰ ৭ জন জোৱান ৬ ফেব্ৰুৱাৰীত প্ৰচণ্ড হিমবাহৰ কৱলত পৰি ১৪,৫০০ ফুট উচ্চতাত(High Altitude area of Kameng Sector in Arunachal Pradesh) সন্ধানহীন হৈ আছিল । সেনাৰ উদ্ধাৰকাৰী দলে প্ৰায় দুদিনযোৰা অভিযানৰ পাছত মঙলবাৰে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে(Jawans died in Arunachal avalanche) ৷