তেজপুৰ, ১০ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত হিমস্খলনত নিহত হোৱা ভাৰতীয় সেনাৰ ৭ গৰাকী জোৱানৰ মৃতদেহ বৃহস্পতিবাৰে তেজপুৰলৈ অনা হ'ব । ১৯ নং জম্মু আৰু কাশ্মীৰৰ ৰাইফলছ আৰু ইঞ্জিনীয়াৰ গ্রুপৰ বীৰ সৈনিককেইজনৰ নশ্বৰদেহ অৰুণাচল প্ৰদেশৰ খুপিৰ পৰা হেলিকপ্টাৰযোগে তেজপুৰ লৈ অনা হ’ব ৷ তেজপুৰত ভাৰতীয় বায়ুসেনাৰ তেজপুৰ শালনিবাৰী ঘাটীত তেওঁলোকক ৰখা হ’ব আৰু তাতে ভাৰতীয় সেনাৰ চতুৰ্থ কৰৰ জি অ’ চিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত ভাৰত চীন সীমান্তৰ তহলদাৰী এটা দলৰ ৭ জন জোৱান ৬ ফেব্ৰুৱাৰীত প্ৰচণ্ড হিমবাহৰ কৱলত পৰি ১৪,৫০০ ফুট উচ্চতাত(High Altitude area of Kameng Sector in Arunachal Pradesh) সন্ধানহীন হৈ আছিল । সেনাৰ উদ্ধাৰকাৰী দলে প্ৰায় দুদিনযোৰা অভিযানৰ পাছত মঙলবাৰে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে(Indian Army trooper killed during avalanche in Arunachal) ৷ নিহত জোৱানকেইজন ক্ৰমে হাবিলদাৰ যুগল কিশোৰ শৰ্মা, গানাৰ গুৰ্বজ সিং, ৰাইফলমেন অৰুণ কাত্তাল, বিশাল শৰ্মা, অনকেশ ভাৰদ্বাজ, অক্ষয় পাথনিয়া আৰু ৰাকেশ সিং বুলি চিনাক্ত কৰা হৈছে ।