অসম

assam

ETV Bharat / state

Woman Found Dead in Tezpur : নিজ গৃহতে অকলশৰীয়া অৱস্থাত মৃত্যু ৭৫ বছৰীয়া বিশিষ্ট লেখিকা শশীপ্ৰভা দেৱীৰ - বিশিষ্ট লেখিকা

অকলশৰীয়া অৱস্থাতে নিজ বাসগৃহত মৃত্যুক সাৱটিলে 75 বছৰীয়া মহিলাই ৷ নিজ গৃহতে অকলশৰীয়া অৱস্থাত মৃত্যু বিশিষ্ট লেখিকা শশীপ্ৰভা দেৱীৰ ৷

Woman Found Dead in Tezpur
অকলশৰীয়া অৱস্থাতে নিজ বাসগৃহত মৃত্যুক সাৱটিলে বিশিষ্ট লেখিকাই

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:52 PM IST

তেজপুৰ, ১২ অক্টোবৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক কৰুণ ঘটনা ৷ অকলশৰীয়া অৱস্থাতে নিজ বাসগৃহত মৃত্যুক সাৱটিলে এগৰাকী 75 বছৰীয়া মহিলাই ৷ তেজপুৰত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷

নিজ গৃহতে অকলশৰীয়া অৱস্থাত মৃত্যু বিশিষ্ট লেখিকা শশীপ্ৰভা দেৱীৰ ৷ ২৪ ঘণ্টাৰ পিছত স্থানীয় লোকৰ সহযোগিতাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃত লেখিকা শশীপ্ৰভা দেৱীক ৷

২০০৯ বৰ্ষত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক, বিশিষ্ট লেখিকা, সদৌ অসম লেখিকা সমাৰোহৰ উপ-সভানেত্ৰী, তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ বৰ্তমানৰ সভানেত্ৰী শশীপ্ৰভা দেৱীৰ কৰুণ মৃত্যুৰ সংবাদে সমগ্ৰ তেজপুৰ বাসীক শোকস্তবদ্ধ কৰি তুলিছে ৷ উল্লেখ্য যে সভাই-সমিতিয়ে অতি সক্ৰিয়ভাৱে জড়িত হৈ থকাই নহয়, ৮ অক্টোবৰ তাৰিখে তেজপুৰৰ অসমীয়া ক্লাবৰ এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানতো উপস্থিত আছিল তেওঁ ৷ বিদূষী মহিলা গৰাকীৰ নিথৰ দেহ বৃহস্পতিবাৰে সন্ধিয়া অনাকাংক্ষিতভাবে ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰিব লগীয়া হোৱাত স্বাভাৱিকতে বস্তুবাদী সাম্প্ৰতিক সমাজৰ এখন দুখলগা ছবি পোহৰলৈ আহিছে ৷

উল্লেখ্য যে যোৰহাটত কৰ্মসূত্ৰে থকা পুত্ৰ আৰু বিবাহিত কন্যাৰ বাবে অকলশৰীয়াকৈ তেজপুৰৰ দা ধৰা বামুণ চুবুৰিৰ বাসগৃহত জীৱন-যাপন কৰিছিল শশীপ্ৰভা দেৱীয়ে ৷ ঘৰৰ গেট পুৱাৰ পৰা সন্ধিয়ালৈকে খোল নোখোৱাত আৰু মোবাইল ফোনতো কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলে সক্ষম নোহোৱাত সন্দেহ ওপজাৰ পিছত ওচৰ চুবুৰীয়াই গেট বগাই ঘৰৰ ভিতৰলৈ সোমাই গৈ ঘৰৰ ভেন্টিলেছনৰ ফাঁকেৰে জুমি চাই বিচনাত তললৈ মূৰ কৰি পৰি থকা দেখা পোৱাৰ পিছত হুৱাদুৱা লাগে ৷ লগে লগে স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ দৰ্জাৰ তলা ভাঙি প্ৰাথমিক তদন্ত আৰম্ভ কৰি বুধবাৰে নিশাই মৃত্যু হোৱা বুলি সন্দেহ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বহুকেইখন গ্ৰন্থৰ স্ৰষ্টা, তেজপুৰৰ সক্ৰিয় ৰাজহুৱা কৰ্মীগৰাকীয়ে অকলশৰীয়াকৈ এনেদৰে কৰুণ মৃত্যুক সাৱটিব লগা হোৱাত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সাম্প্ৰতিক সময়ৰ বস্তুনিষ্ঠ সমাজখনৰ স্পষ্ট ছবি উন্মোচিত কৰি তুলিছে ৷

লগতে পঢ়ক :Firing incident in Khanapara: খানাপাৰাত গুলীচালনা, দুৰ্বৃত্তৰ গুলীত নিহত এজন

ABOUT THE AUTHOR

...view details