অসম

assam

ETV Bharat / state

মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন 42 গৰাকীৰ মৃতদেহ উদ্ধাৰ - Manipur CM N Biren Singh visited Assam Rifles Hospital

মণিপুৰৰ টুপিলত ভূমিস্খলনত সন্ধানহীন সেনাৰ সন্ধানত সোমবাৰে এন ডি আৰ এফ, এছ ডি আৰ এফ,সেনাৰ নতুন গোটে চলাইছে অভিযান (Landslide in Manipurs Tupul)। অৱশ্য়ে প্ৰতিকূল বতৰ আৰু নতুন ভূমিস্খলনৰ বাবে উদ্ধাৰ অভিযানত প্ৰৱল বাধাৰ সৃষ্টি হৈছে বুলি সদৰি কৰিছে সেনাৰ সূত্ৰই।

manipur
Manipur landslide:মণিপুৰৰ ভূমিস্খলনত নিহতৰ ৩২ গৰাকীৰ মৃতদেহ উদ্ধাৰ

By

Published : Jul 4, 2022, 10:45 AM IST

Updated : Jul 4, 2022, 11:28 AM IST

তেজপুৰ,৪জুলাই :মণিপুৰৰ টুপিলত হোৱা ভূমিস্খলনত নিহত ২৭গৰাকী সেনাৰ জোৱান আৰু ১৫গৰাকী সাধাৰণ লোকৰ মৃতদেহ দেওবাৰে সন্ধিয়ালৈকে উদ্ধাৰ হৈছে (Landslide in Manipurs Tupul)। উদ্ধাৰ অভিযানত সেনাৰ বিশেষ কুকুৰ ব্যৱহাৰ কৰাৰ লগতে অত্যাধুনিক প্ৰযুক্তিৰ ৱাল ৰাডাৰ প্ৰয়োগ কৰা হৈছে (Use of army special dogs and wall radars)। অৱশ্য়ে প্ৰতিকূল বতৰ আৰু নতুনকৈ হৈ থকা ভূমিস্খলনৰ বাবে উদ্ধাৰ অভিযানত প্ৰৱল বাধাৰ সৃষ্টি হৈছে । ইয়াৰ মাজতো এন ডি আৰ এফ, অসম ৰাইফলছ আৰু সেনা আৰু কাৰিকৰী গোটৰ বাহিনীয়ে অভিযান অব্য়াহত ৰাখিছে (NDRF,Assam Rifles,Army and Technical Unit forces launched operation)।

চিকিৎসালয়ত মণিপুৰ মুখ্যমন্ত্ৰী

এই ভূমিস্খলনত সন্ধানহীন হোৱা আন ৩ গৰাকী সেনা আৰু ১৭ গৰাকী অন্য লোকৰ সন্ধানত সোমবাৰে এন ডি আৰ এফ, এছ ডি আৰ এফ,সেনাৰ নতুন গোটে অভিযান চলাই আছে । সোমবাৰেও উদ্ধাৰ অভিযানত ৱাল ৰাডাৰ ব্যৱহাৰ কৰা হৈছে বুলি সেনাৰ সূত্ৰই সদৰি কৰিছে।

Manipur landslide:মণিপুৰৰ ভূমিস্খলনত নিহতৰ ৩২ গৰাকীৰ মৃতদেহ উদ্ধাৰ

দেওবাৰে উদ্ধাৰ অভিযানত সেনাৰ ৪ গৰাকী আৰু আন ৪ গৰাকী লোকসহ ৮ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা বুলি সেনাৰ একেটা সূত্ৰই সদৰি কৰিছে । উদ্ধাৰ কৰা লোক কেইগৰাকীৰ মৃতদেহ নিজ গৃহলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । ইপিনে, ইম্ফলৰ পৰাই অসম চৰকাৰ মন্ত্ৰী পীযুষ হাজৰিকাই অসমৰ বনুৱা হিচাবে কৰ্মৰত হৈ নিখোজ হোৱা লোকৰ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰিছে (Assam Government Minister Piyush Hazarika in Imphal)।

Manipur landslide:মণিপুৰৰ ভূমিস্খলনত নিহতৰ ৩২ গৰাকীৰ মৃতদেহ উদ্ধাৰ

আনহাতে, সেনাৰ জোৱানসকলক ভাৰতীয় বায়ুসেনাৰ বিমান আৰু হেলিকপ্টাৰৰে সম্পূৰ্ণ সেনাৰ মৰ্যদাৰে তেওঁলোকৰ গৃহ ভূমিলৈ প্ৰেৰণ কৰিছে । ভাৰতীয় সেনাৰ জি অ' চি ৰেড শ্বিল্ড ডিভিজনৰ আই জি, এইচ জি এন আৰ দলে মণিপুৰৰ টুপিল ৰেলৱে ষ্টেচনৰ সমীপত ভয়াবহ ভূমিস্খলনত প্ৰাণ হেৰুওৱা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি সেনাৰ একেটা সূত্ৰই সদৰি কৰিছে । ইপিনে,মণিপুৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে বিয়লি দুর্ঘটনাগ্ৰস্ত হৈ অসম ৰাইফলছৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৭ গৰাকী সেনাৰ জোৱানক সাক্ষাৎ কৰি ৫০ হাজাৰ টকাকৈ আৰ্থিক সহাৰ্য প্ৰদান কৰে (Manipur CM N Biren Singh visited Assam Rifles Hospital)।

লগতে পঢ়ক:জম্মুত বিজেপিৰ আই টি চেলৰ মুৰব্বীৰ ৰূপত লস্কৰ-ই-তৈবাৰ সদস্য

Last Updated : Jul 4, 2022, 11:28 AM IST

ABOUT THE AUTHOR

...view details