তেজপুৰ, ২৫ এপ্ৰিল: তেজপুৰত নদীৰ পাৰত উদ্ধাৰ সন্ধানহীন ব্যক্তিৰ ব্যৱহৃত সামগ্ৰী ৷ জয়ন্ত শৰ্মা নামৰ লোকজনৰ ম’বাইল আৰু ব্যৱহৃত সামগ্ৰী উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ তেজপুৰৰ দাধৰা বামুণচুবুৰীৰ জয়ন্ত শৰ্মা নামৰ ব্যক্তিজন শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে । দেওবাৰে ৰুদ্ৰপদত নদীৰ পাৰত ব্যক্তিজনৰ কিছু সা-সামগ্ৰীৰ লগতে উদ্ধাৰ হৈছে যদিও ব্যক্তিজনৰ কোনো সন্ধান পোৱা নাই । জয়ন্ত শৰ্মাৰ সন্ধানত আৰক্ষী আৰু নদী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
তেজপুৰত সন্ধানহীন ব্যক্তিৰ সা-সামগ্ৰী উদ্ধাৰক লৈ চাঞ্চল্য - তেজপুৰৰ বৰঘুলি অঞ্চলৰ ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনা
তেজপুৰৰ ৰুদ্ৰপদত নদীৰ পাৰত উদ্ধাৰ সন্ধানহীন ব্যক্তিৰ ম’বাইল ফোন আৰু অন্য সা-সামগ্ৰী ৷ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷

তেজপুৰৰ নাও দুৰ্ঘটনাত সন্ধানহীন এজন