অসম

assam

ETV Bharat / state

Deprived of government scheme: বৰছলাৰ দৃষ্টিহীন দম্পতীক প্ৰয়োজন এটা চৰকাৰী আঁচনিৰ ঘৰ - Blind Couple in Sonitpur

“মোৰ দৰেই মোৰ পত্নীও দৃষ্টিহীন ৷ মোৰ পিতৃ-মাতৃৰ বহু বয়স হ’ল ৷ আমাক এটা চৰকাৰী ঘৰ লাগে ৷ কিন্তু আমাক পঞ্চায়ত সদস্যই ঘৰ নিদিয়ে ৷ ছমাহ আগতেও মই পঞ্চায়তলৈ গৈছিলোঁ কিন্তু মোক ক’লে তোমাৰ নাম তালিকাত নাই ৷” ক’লে নিত্যমে ৷

Blind Couple Deprived of government scheme
চৰম দাৰিদ্ৰতাৰ মাজত দিন অতিবাহিত কৰিছে শোণিতপুৰৰ বৰছলাৰ নিত্যম দাস

By

Published : Jul 15, 2023, 10:18 AM IST

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত বৰছলাৰ দৃষ্টিহীন দম্পতী

তেজপুৰ, 14 জুলাই : দেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ সৰ্বমুঠ তিনি লাখ সাতহেজাৰ আঠশ একাশীটা গৃহত এক উৎসৱ মুখৰ পৰিৱেশত গৃহপ্ৰৱেশ ঘটিল সৌভাগ্যৱান সকলৰ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভাবে আয়োজিত এই গৃহপ্ৰৱেশ অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী,বিধায়ক,আমোলা-বিষয়া আদিয়ে ৷ কিন্তু এই তিনি লক্ষাধিক সৌভাগ্যৱানৰ মাজত নাছিল শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ নিত্যম দাস নামৰ দৃষ্টিহীন আৰু চৰম দৰিদ্ৰতাৰ মাজত দিন অতিবাহিত কৰা যুৱকজনৰ পৰিয়ালটো ৷

উল্লেখযোগ্য যে, ঐতিহাসিক শিঙৰি অঞ্চলত দৃষ্টিহীন পত্নী আৰু বৃদ্ধ পিতৃ-মাতৃৰ সৈতে বাস কৰে নিত্যমে ৷ 70 উৰ্দ্ধৰ পিতৃ হৰিপদ দাসে এতিয়া পৰিশ্ৰম কৰিব নোৱাৰে ৷ মাতৃও অসুস্থ ৷ গতিকে দৃষ্টিহীন পত্নীসহ চাৰিজনীয়া পৰিয়ালটোৰ দায়িত্ব দৃষ্টিহীন 38 বছৰীয়া নিত্যমৰ ওপৰত ৷ ঐতিহাসিক শিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ প্ৰৱেশদ্বাৰৰ কিছু নিলগত মন্দিৰ চৌহদৰ এজোপা বৃক্ষৰ তলত হাতত দোতোৰাখন লৈ যুৱকজনে পুৱাৰ পৰা বিয়লিলৈকে লোকগীত গাই যায় ৷ কেতিয়াবা তেওঁক মন্দিৰ চৌহদলৈ লৈ অহা বৃদ্ধ পিতৃয়ে সহযোগ কৰে আৰু কেতিয়াবা কোনোবা এজন আত্মীয়ই ৷ দিনটোত এনেদৰে মন্দিৰলৈ অহা যাত্ৰীৰ একাংশই দি যোৱা ধনৰেই চলিছে পৰিয়ালটো ৷

এনেদৰে দিনটোত সংগ্ৰহ হোৱা এশ বা দুশ টকাৰেই চলি থকা নিত্যমৰ পৰিয়ালৰ নিজাকৈ এটুকুৰা মাটি আছে আৰু ইয়াতে থকা জুপুৰি সদৃশ ঘৰত পৰিয়ালটোৱে ৰ’দে-বৰষুণে দিন অতিবাহিত কৰিছে ৷ দৃষ্টিহীন নিত্যমৰ ক্ষোভ, তেওঁলোকৰ পৰিয়ালটোক এটা চৰকাৰী ঘৰ বিচৰা সত্বেও দিয়া হোৱা নাই ৷ উল্লেখযোগ্য যে, বৰছলাৰ দক্ষিণ শিঙৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলৰ বাসিন্দা এই দৃষ্টিহীন যুৱকজন আৰু তেওঁৰ পিতৃ হৰিপদ দাসে স্থানীয় পঞ্চায়তক এটা চৰকাৰী বাসগৃহৰ বাবে কেইবাবাৰো কোৱা সত্বেও তেওঁলোকৰ কথাত কোনেও গুৰুত্ব নিদিলে ৷ একেদৰেই স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বু আৰু শোণিতপুৰৰ উপায়ুক্তকো এই দৃষ্টিহীন দম্পতী তথা পৰিয়ালটোক এটা চৰকাৰী গৃহ দিয়াৰ ব্যৱস্থা কৰিবলৈ স্থানীয় একাংশ লোকে অনুৰোধ জনাইছিল বুলি মন্দিৰত উপস্থিত থকা বহুকেজন লোকে প্ৰকাশ কৰি লগতে কয় যে, এই সকলো অনুৰোধ এই পৰ্যন্ত কামত নাহিল ৷

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ লাভ কৰি গৃহ প্ৰৱেশ কৰাৰ সুযোগ ৰাজ্যৰ তিনি লক্ষাধিকে লাভ কৰিলে, সেই সময়ত নিত্যমে গুপ্তেশ্বৰ দেৱালয়ত এজন আত্মীয়ৰ সহযোগত গীত গাই চাউলমুঠি গোটোৱাৰ চেষ্টাতে অৱতীৰ্ণ হ’বলগীয়া হয় ৷ তেওঁৰ বৃদ্ধ পিতৃ শাৰিৰীক অসুস্থতাৰ বাবে পুত্ৰৰ সৈতে উপস্থিত নাছিল ৷ এবুকু ক্ষোভ মনত লৈ থকা নিত্যমে কয় “মোৰ দৰেই মোৰ পত্নীও দৃষ্টিহীন ৷ মোৰ পিতৃ-মাতৃৰ বহু বয়স হ’ল ৷ আমাক এটা চৰকাৰী ঘৰ লাগে ৷ কিন্তু আমাক পঞ্চায়ত সদস্যই ঘৰ নিদিয়ে ৷ ছমাহ আগতেও মই পঞ্চায়তলৈ গৈছিলোঁ কিন্তু মোক ক’লে তোমাৰ নাম তালিকাত নাই ৷”

লগতে পঢ়ক:Dhemaji health camp: ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভা

ABOUT THE AUTHOR

...view details