অসম

assam

ETV Bharat / state

ক'লা পতাকাৰ আতংকই খেদিছে বিজেপিৰ মন্ত্ৰী বিধায়কক - ক’লা পতাকা

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কুইন ওজাক ক’লা পতাকা প্ৰদৰ্শন কৰে আছুকৰ্মীসকলে ৷ ৰঙিয়া,বকো আৰু তেজপুৰৰ ভিন্ন স্থানত এই প্ৰতিবাদ দেখিবলৈ পোৱা যায় ৷

বিক্ষোভ প্ৰদৰ্শন
ক’লা পতাকাৰ সন্মুখীন বিজেপিৰ মন্ত্ৰী-সাংসদ

By

Published : Dec 28, 2019, 7:10 PM IST

ৰঙিয়া, 28 ডিচেম্বৰঃক’লা পতাকা এতিয়া হৈ পৰিছে বিজেপিৰ মন্ত্ৰী বিধায়কৰ নিত্য সহচৰ ৷ য’লৈকে গৈছে,তাতেই দেখিছে ক'লা পতাকা ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদী ৰাইজে ঠায়ে-ঠায়ে ক’লা পতাকাৰে স্বাগতম জনাইছে বিজেপিৰ মন্ত্ৰী বিধায়ককশনিবাৰৰ দিনটোত ঠায়ে-ঠায়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কুইন ওজাক ক’লা পতাকাৰে স্বাগতম জনালে অসমবাসীয়ে ৷

ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ আহি অভাৱনীয় পৰিস্থিতিৰ সন্মুখিন হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে আছুকৰ্মীয়ে শ্বহীদ বেদীৰ সমীপৰ পৰা ক’লা পতাকা দেখুৱালে মুখ্যমন্ত্ৰীগৰাকীক ৷ লগতে মুখ্যমন্ত্ৰী গ’বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই ।

ৰঙিয়া মুখ্যমন্ত্ৰী সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন

আনহাতে, বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ আহি ক’লা পতাকাৰ সন্মুখীন হ'ল গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা । বিজেপি সাংসদগৰাকীৰ কনভয়ক স্থানীয় হেকেৰা শ্বহীদ বেদীৰ সন্মুখত আছুকৰ্মীয়ে আগুৰি ধৰি ক’লা পতাকা দেখুৱায় । আৰক্ষীৰ সন্মুখতে পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কৰ্মীসকলে প্ৰদৰ্শন কৰে ক’লা পতাকা ৷

সাংসদ কুইন ওজাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

ক’লা পতাকাৰ সন্ত্ৰাসৰ পৰা সাৰি নগ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৷ শনিবাৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলীত অংশ ল'বলৈ আহিছিল মন্ত্ৰী শৰ্মা ৷ সেইসূত্ৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰীগৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰে ৷ তেজপুৰ গৰৈমাৰিৰ পৰা ১০ কিঃমিঃ নিলগত উক্ত অনুষ্ঠান আয়োজন কৰা হৈছিল ৷ প্ৰতিবাদকাৰীৰ ৰূপ দেখি বায়ু সেনা বাহিনীৰ বিমানঘাটিৰ পৰা বিধায়ক গৰাকীৰ ঘৰত সোমাই পুনৰ হেলিকপ্তাৰৰে অনুষ্ঠানত ভাগ ল'বলৈ যায় মন্ত্ৰীগৰাকী ৷তীব্ৰ প্ৰতিবাদৰ পৰা হাত সাৰিবলৈ এই পন্থা অৱলম্বন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা তেজপুৰত

লগতে চাওকঃ"জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী

ABOUT THE AUTHOR

...view details