তেজপুৰ, ৩ ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিলৈ প্ৰধানমন্ত্ৰীৰ আগমণৰ প্ৰাক ক্ষণত বিজেপি দলত ব্যাপক খহনীয়া । ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ মিছামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ধানখনাৰ গোৰ্খা ভৱনত যোৱা ৩১ জানুৱাৰীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন সভাত বিজেপি দলৰ মণ্ডল সম্পাদকসহ ২১৭ জন কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।
ঢেকীয়াজুলিলৈ প্ৰধানমন্ত্ৰীৰ আগমণৰ প্ৰাক ক্ষণত বিজেপিত খহনীয়া - ৭৫০ জন বিজেপি কৰ্মী
অহা ৭ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীৰ আগমণক কেন্দ্ৰ কৰি এতিয়া প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰিছে বিজেপি দলৰ মন্ত্ৰী-বিধায়কসকল । ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোডীৰ আগমণৰ প্ৰাক ক্ষণত গেৰুৱা দলটো এৰি কংগ্ৰেছত যোগদান কৰিলে ঢেকীয়াজুলি সমষ্টিৰ মুঠ ৭৫০ জন বিজেপি কৰ্মীয়ে ।
ঢেকীয়াজুলি ব্লক মণ্ডলৰ সভাপতি প্ৰফুল্ল ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ পূব মণ্ডলৰ সম্পাদক লেনছন ভেপৰ, মছি দাস কাণ্ডুলানাৰ নেতৃত্বত বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মীসকলে কংগ্ৰেছ দলত যোগদান কৰে । ইয়াৰ পিছৰে পৰা বৰ্তমানলৈকে সমষ্টিটোত মুঠ ৭৫০ জন লোকে কংগ্ৰেছত যোগদান কৰিছে । প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে এনেদৰে সদস্যসকলে গেৰুৱা দলটোৰ সংগ ত্যাগ কৰা ঘটনাই আগন্তুক বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া বিজেপি প্ৰাৰ্থীগৰাকীৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে ।
আনহাতে, নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা সদস্যসকলে কয় যে, বিজেপি চৰকাৰৰ দিনত হোৱা মূল্য বৃদ্ধি আৰু বিধায়ক অশোক সিংহলৰ স্বেচ্ছাচাৰিতাৰ বাবে অতিষ্ঠ হৈ তেওঁলোকে কংগ্ৰেছ দলৰ সদস্যপদ গ্ৰহণ কৰিছে ।
লগতে পঢ়ক:প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ