অসম

assam

ETV Bharat / state

কংগ্ৰেছ বুলি ক'লে বৰ্তমান গেলামালৰ দোকনীয়েও বাকীত বস্তু নিদিয়ে !! - ভীমানন্দ তাঁতী

ৰঙাপৰাত ব্যাপক নৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৷ উপ নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ ৷

zz

By

Published : Oct 14, 2019, 11:19 PM IST

ৰঙাপৰা, 14 অক্টোবৰঃৰঙাপৰাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৷ উপ নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কংগ্ৰেছ দলটো বৰ্তমান পুৰণি পাঁচশ টকীয়া নোটৰ দৰে হৈ পৰিছে । কংগ্ৰেছ বুলি কলে বৰ্তমান গেলামাল দোকনীয়েও বাকীত বস্তু নিদিয়ে বুলি তীব্ৰ আক্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ গতিকে কংগ্ৰেছক ভোট দিলে আপোনালোকৰ একো লাভ নহ’ব বুলিও মন্তব্য কৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ।

কংগ্ৰেছ এতিয়া পুৰণি পাঁচশ টকীয়া নোটৰ দৰে: ড0 হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ৰঙাপৰাৰ ৰে’লৱে খেল পথাৰত বিজেপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় । য’ত হিমন্ত বিশ্ব শৰ্মাই কয় কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে বিগত পোন্ধৰটা বছৰে সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম নহ’ল ৷ পোন্ধৰটা বছৰে ঢেকীয়াজুলিৰ পৰাই সমষ্টিটো চোৱা-চিতা কৰি আহিছিল । বৰ্তমানৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীক ৰঙাপৰাখন ঠিকাত দিছিল বুলি ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

ইয়াৰ লগতে, ৰঙাপৰা সমষ্টিত কংগ্ৰেছ দলে কেৱল সাম্প্ৰদায়িকতা ৰাজনীতি কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি বঙালী, নেপালী, অসমীয়া, বাগানীয়া বুলি ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰে ৷

আজি পল্লৱ লোচন দাসৰ কাৰ্যকালত ৰঙাপৰাৰ বহু উন্নয়ন হৈছে ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকী জিকিলে ৰঙাপৰাত পুনৰ অমৱশ্যা দৰে হৈ পৰিব । গতিকে এতিয়া নৰেন্দ্ৰ মোডীৰ হাতত খনক শক্তিশালী কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details