অসম

assam

ETV Bharat / state

কেৱল ভোটৰ বাবে চাহ জনগোষ্ঠীৰ লোকক ব্যৱহাৰ কৰিছে বিজেপিয়ে !! - ৰঙাপৰা উপ-নিৰ্বাচন

উপ-নিৰ্বাচনত ৰঙাপৰা সমষ্টি বিজেপিৰ দখলৰ পৰা কংগ্ৰেছে উদ্ধাৰ কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷ সোমবাৰে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত এই মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

বিজেপিৰ দখলৰ পৰা ৰঙাপৰা উদ্ধাৰ কৰিব কংগ্ৰেছেঃ ৰিপুণ বৰা

By

Published : Sep 30, 2019, 9:12 PM IST

Updated : Sep 30, 2019, 10:06 PM IST

ৰঙাপৰা,30 ছেপ্টেম্বৰঃসোমবাৰে ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে আগন্তক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিশাল সমদলেৰে চাহ বাগিচাৰ নৃত্য প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল কৰে ৷

প্ৰাৰ্থী গৰাকীক সংগ দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই স্থানীয় প্ৰাৰ্থী প্ৰদান কৰাৰ বিনিময়ত কংগ্ৰেছে ৰঙাপাৰ সমষ্টি বিজেপিৰ দখলৰ পৰা উদ্ধাৰ কৰিব পাৰিব বুলি দাবী কৰে ৷ তেওঁ লগতে বিজেপিয়ে চাহ জনগোষ্ঠীৰ লগত প্ৰৱঞ্চনা কৰা বুলি কটাক্ষ কৰে ৷

বিধান সভাত চাহ জনগোষ্ঠীৰ লোকক শ্ৰম বিভাগৰ এগৰাকী মন্ত্ৰী হিচাপে পল্লৱলোচন দাসক দ্বায়িত্ব দি লোকসভা নিৰ্বাচনৰ পাছত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে জনগোষ্ঠীটোৰ কোনো এজন লোকক বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান নকৰাত দলটোক সমালোচনা কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিজেপি দলক কটাক্ষ কৰি কয় যে, "বিজেপিক কেৱল চাহ জনগোষ্ঠীৰ ভোটহে লাগে, তাৰ বিনিময়ত জনগোষ্ঠীটো ৰাজনৈতিকভাৱে সৱল হোৱাটো বিজেপিয়ে নিবিচাৰে ৷" আনহাতে আগন্তক উপ-নিৰ্বাচনত ৰঙাপৰা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত বুলিও মন্তব্য় কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

বিজেপিৰ দখলৰ পৰা ৰঙাপৰা উদ্ধাৰ কৰিব কংগ্ৰেছেঃ ৰিপুণ বৰা
Last Updated : Sep 30, 2019, 10:06 PM IST

ABOUT THE AUTHOR

...view details