অসম

assam

ETV Bharat / state

বিশ্বনাথৰ গহপুৰত গ্ৰেপ্তাৰ অভিযুক্ত চোৰাং চিকাৰী - আৰক্ষীৰ তদন্ত অব্যাহত

আৰক্ষীৰ প্ৰকাশিত সূত্ৰ অনুসৰি, যোৱা 5 নৱেম্বৰত আৰক্ষীয়ে আটক কৰা পবিত্ৰ নামৰ চোৰাং চিকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই চোৰাং চিকাৰীটোক ৷

চোৰাং চিকাৰত অভিযুক্ত এজনক আটক

By

Published : Nov 16, 2019, 2:40 PM IST


বিশ্বনাথ, 16 নৱেম্বৰ: চোৰাং চিকাৰৰ লগত জৰিত থকাৰ অভিযোগত বিশ্বনাথৰ গহপুৰত গ্ৰেপ্তাৰ এজন ৷

আজি পুৱতি নিশা প্ৰায় 3 বজাত গহপুৰ হাৱাজানৰ আৰক্ষী বিষয়া নিপন শইকীয়া আৰু বিশ্বনাথৰ বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰাজু গগৈৰ তৎপৰতাত এক অভিযান চলাই এজন অভিযুক্ত চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ প্ৰকাশিত সূত্ৰ অনুসৰি, যোৱা 5 নৱেম্বৰত আৰক্ষীয়ে আটক কৰা পবিত্ৰ নামৰ চোৰাং চিকাৰীজনক সোধপোছ কৰাত আজিৰ আটকাধীন চোৰাং চিকাৰীজনৰ নাম উল্লেখ কৰে ৷

অভিযুক্ত কিৰণ পেগু

আটকাধীন পবিত্ৰৰ তথ্য অনুসৰি আজি পুৱতি নিশা কিৰণ পেগু নামৰ অভিযুক্ত গঁড় চিকাৰীটোক গহপুৰৰ বালিগাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে পঢ়ক:লাওখোৱা, বুঢ়াচাপৰি বেদখলমুক্ত কৰি সংস্থাপন কৰা হ’ব গঁড় : পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details