অসম

assam

ETV Bharat / state

বিশ্বনাথত এজাক বৰষুণতে খহি পৰিল কোটিটকীয়া জলসিঞ্চন প্ৰকল্প

বিহালী চেৰেলীয়া বঙালী পথাৰত নিৰ্মীয়মাণ অৱস্থাত থকা কোটিটকীয়া জলসিঞ্চন প্ৰকল্প খহি পৰে এজাক বৰষুণতে। জনৈক ৰন্তু বাঢ়ৈ আৰু বিজেপি নেতা-পালিনেতাই দায়িত্ব লোৱা প্ৰকল্পটোত দুৰ্নীতিৰ অভিযোগ ।

By

Published : May 1, 2019, 7:11 PM IST

খহি পৰিল কোটিটকীয়া জলসিঞ্চন প্ৰকল্প

বিশ্বনাথ চাৰিআলি, ১ মেঃ বিহালীত বুধবাৰে মন্ত্ৰী ভৱেশ কলিতাৰ জলসিঞ্চন বিভাগৰ এটা কোটিটকীয়া প্ৰকল্প খহি পৰে এজাক বৰষুণতে। প্ৰায় ৩ কোটি ৫০ লাখ টকাৰে বিহালী চেৰেলীয়া বঙালী পথাৰত নিৰ্মাণ কৰা পানী যোগান আঁচনিটোৰ কেনেল নিৰ্মাণ দুৰ্নীতিৰ অভিযোগ ৰাইজৰ । অভিযোগ অনুসৰি বিশ্বনাথ জিলা পৰ্যায়ৰ এজন বিজেপি নেতা আৰু ৰন্তু বাঢ়ৈ নামৰ এজন ঠিকাদাৰে লাভ কৰিছিল এই কেনেল নিৰ্মাণৰ ঠিকা ৷ অবাধ দুৰ্নীতিৰে কাম-কাজ আৰম্ভ কৰা কেনেলৰ ৱাল ফাট মেলি খহি পৰিছিল। সেই সময়তে বহু দল-সংগঠনে প্মেৰতিবাদ কৰাত পুনৰ মেৰামতি কৰা হয় যদিও বুধবাৰে এজাক বৰষুণতে আকৌ খহি পৰে ।

খহি পৰিল কোটিটকীয়া জলসিঞ্চন প্ৰকল্প

সংবাদ মাধ্যমক ঠিকাদাৰ ৰন্তু বাঢ়ৈয়ে জনোৱা অনুসৰি ৩ কোটি ৫০ লাখ টকাৰ কেৱল ৭৩ লাখ টকাহে ব্যৱহাৰ কৰাৰ লগতে বাকী কাম আন কোনো ঠিকাদাৰেহে সম্পন্ন কৰা বুলি জনায়। সঘনাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ এই লুণ্ঠন কাৰ্যক এতিয়া সহজভাৱে ল'ব পৰা নাই বিশ্বনাথৰ দল সংগঠনে ।

ABOUT THE AUTHOR

...view details