অসম

assam

By

Published : Jul 9, 2019, 10:56 PM IST

ETV Bharat / state

বিষাক্ত সাপে খুঁটাত ফুটবল খেলুৱৈ ৱাংমন লংৰিৰ মৃত্যু

যোৱা নিশাই প্ৰায় ৯ বজাত বন্ধুজনৰ ঘৰতে খেলুৱৈ গৰাকীক এডাল বিষাক্ত সাপে খুঁটে। লগে লগে খেলুৱৈ গৰাকীক নামপঙত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে জয়ৰামপুৰলৈ লৈ যায়। তাৰ পাছত পুনৰ নিশাই ডিব্ৰুগড়ৰ অমস চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ভৰ্তি কৰি আ চি ইউত ৰখা হয় যদিও আজি পুৱা ৮-৩০ বজাত তাতে খেলুৱৈ গৰাকীৰ মৃত্যু হয়।

বিষাক্ত সাপে খুঁটাত ফুটবল খেলুৱৈ ৱাংমন লংৰিৰ মৃত্যু

তেজপুৰ, ৯ জুলাই: বদৌচা স্পৰ্টছ ক্লাৱৰ সুদখ্য ফুটবল খেলুৱৈ ৱাংমন লংৰি(১৯)ৰ সাপে খুঁটাৰ ফলত মৃত্যু হয়। খেলুৱৈ গৰাকীয়ে ঝাৰখণ্ড এফ চিৰ পৰা আহি বদৌচা স্পৰ্টছ ক্লাৱৰ সৈতে নতুনকৈ চুক্তিবদ্ধ হোৱাৰ পাছত ক্লাৱৰ হৈ অনুশীলন চলাই থকাৰ মাজতে তিনিদিনৰ আগত অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ অ'ল্ড খামডু গাঁৱৰ ঘৰলৈ গৈছিল।

নামপঙৰ এজন বন্ধুৰ ঘৰত যোৱা নিশাটো থাকি আজি পুনৰ অনুশীলনলৈ অহা কথা আছিল। কিন্তু, যোৱা নিশাই প্ৰায় ৯ বজাত বন্ধুজনৰ ঘৰতে খেলুৱৈ গৰাকীক এডাল বিষাক্ত সাপে খুঁটে। লগে লগে খেলুৱৈ গৰাকীক নামপঙত প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে জয়ৰামপুৰলৈ লৈ যায়। তাৰ পাছত পুনৰ নিশাই ডিব্ৰুগড়ৰ অমস চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ভৰ্তি কৰি আ চি ইউত ৰখা হয় যদিও আজি পুৱা ৮-৩০ বজাত তাতে খেলুৱৈ গৰাকীৰ মৃত্যু হয়।

খেলুৱৈ গৰাকীৰ মৃত্যুত সৰ্বত্ব শোক চাঁ পৰিছে। ইফালে অসম ফুটবল সন্থাৰ উপসভাপতি তথা বদৌচা স্পৰ্টছ ক্লাৱৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু বদৌচা স্পৰ্টছ ক্লাৱৰ সম্পাদক জয়ন্ত দহোটীয়াই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে খেলুৱৈগৰাকীৰ মৃত্যুত ফুটবল জগতৰ এক উজ্জ্বল প্ৰতিভাক হেৰুৱালো বুলি মন্তব্য কৰাৰ লগতে খেলুৱৈগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

ABOUT THE AUTHOR

...view details