অসম

assam

ETV Bharat / state

Bisawnath SDO: সাংবাদিকৰ সৈতে মতবিনিময় বিশ্বনাথৰ নৱ নিযুক্ত মহকুমাধিপতিৰ - বিশ্বনাথৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতি

বিশ্বনাথৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে মঙলবাৰে এখন বিশেষ সভা আহ্বান কৰে ৷ উক্ত সভাত নৱনিযুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে বিশ্বনাথৰ সাংবাদিকৰ সৈতে মত বিনিময় কৰে ৷

Bisawnath SDO
সাংবাদিকৰ সৈতে মতবিনিময় বিশ্বনাথৰ নৱনিযুক্ত মহকুমাধিপতিৰ

By

Published : Aug 9, 2023, 8:20 AM IST

বিশ্বনাথ, 9 আগষ্ট: বিশ্বনাথৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে মঙলবাৰে এখন বিশেষ সভা আহ্বান কৰে ৷ উক্ত সভাত নৱনিযুক্ত ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰে ৷ বিশ্বনাথ প্ৰশাসনৰ সন্মিলন কক্ষত মঙলবাৰে বিয়লি ১ বজাত অনুষ্ঠিত হোৱা সভাত বিশ্বনাথৰ সাংবাদিক সকলেৰে মত বিনিময় কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে ৷

বিশ্বনাথৰ প্ৰগতি আৰু উন্নয়নৰ সময়ত সকলো সাংবাদিক বন্ধুক সহযোগিতা আগবঢ়াই যাবলৈ অহ্বান জনায় ৷ আনহাতে, জনসাধাৰণৰ যিকোনো সমস্যা সমাধান ক্ষেত্ৰত প্ৰশাসনক দিহা পৰামৰ্শ প্ৰদান কৰিবলৈও আহ্বান জনালে ভাৰপ্ৰাপ্ত মহকুমাধিপতিয়ে ৷ উল্লেখ্য যে, ২০১৬ চনতে বিশ্বনাথে জিলা মৰ্যাদা লাভ কৰিছিল যদিও বিশেষ কাৰিকৰী কাৰণত বিশ্বনাথ জিলাক পুনৰ মহকুমা হিচাপে ঘোষণা কৰি সাময়িকভাৱে শোণিতপুৰ জিলাত চামিল কৰা হৈছে ৷

ফলত অসম চৰকাৰে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা অতিৰিক্ত জিলা আয়ুক্ত জয় শিবানীক মহকুমাটোৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছিল ৷ শেহতীয়াকৈ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীৰ বদলিৰ পৰিপ্ৰেক্ষিতত ১ আগষ্টত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ২০১৯ কেডাৰৰ আন এগৰাকী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দায়িত্ব গ্ৰহণ কৰে ।

সেই অনুসৰি নতুন ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে মঙলবাৰে বিশ্বনাথৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সকলো সাংবাদিকেৰে এক আলোচনাত মিলিত হৈ বিভিন্ন সমস্যা সম্পৰ্কে মত বিনিময় কৰে । মহকুমাৰধিপতি গৰাকীয়ে বিশ্বনাথৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে সকলোৰে দিহা পৰামৰ্শ, মতামত আৰু সহযোগিতা কামনা কৰে ।

অসমত পৰ্যটনৰ বহুতো সম্ভাৱনা আছে ৷ সেয়েহে গুপ্তকাশীৰূপে খ্যাত বিশ্বনাথৰ যিখিনি পুৰাতাত্ত্বিক সমল আছে সেই সকলোখিনিৰ উদ্ভাৱন আৰু সঠিকভাৱে সংৰক্ষণ কৰাৰ লগতে পৰ্যটকক আকৰ্ষিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মহকুমাধিপতি গৰাকীয়ে ।

সাংবাদিক সকলৰ লগত চিনাকি পৰিচয় হোৱাৰ লগতে বিশ্বনাথৰ বিভিন্ন সমস্যা যেনে ৰাস্তা-ঘাট, দুৰ্ঘটনা, গতিৰোধক ফলক লগোৱা, বিশ্বনাথ আৰু বিহালীৰ বাবে কমন ডাম্পিং গ্ৰাউণ্ড, পানী নিষ্কাশন, নলা-নৰ্দমা, এন্টিভেনম, পূৰ্ণ পৰ্যায়ৰ আৰু বিশেষজ্ঞ চিকিৎসকৰ আৱশ্যকতা, ৰাস্তাৰ ওপৰত হাউলি থকা বিপদজনক গছৰ ডাল কটা, ই ৰিক্সা নিয়ন্ত্ৰণ, ৫ নং কুমলীয়াৰ গৰাখহনীয়া প্ৰতিৰোধ আদি বিভিন্ন সমস্যা বিষয়ক আলোচনা আৰু দিহা পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে সমাধানৰ আশ্বস প্ৰদান কৰে । সাংবাদিক সকলৰ এই মত বিনিময় অনুষ্ঠানত সাংবাদিকসকলৰ ওপৰিও বিশ্বনাথৰ নিৰ্বাচনী বিষয়া দেবাশীষ গোস্বামী, সহকাৰী আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া সৃষ্টি কলিতাও উপস্থিত আছিল ।

লগতে পঢ়ক:Sonitpur District Day: দিনজোৰা কাৰ্যসূচীৰে উদযাপন শোণিতপুৰ জিলা দিৱস

ABOUT THE AUTHOR

...view details