তেজপুৰ, 12 চেপ্তেম্বৰঃঅন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সদায় যুঁজ দি অহা সমাজকৰ্মী বিৰুবালা ৰাভাই নিজৰ অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে ৰাভাই নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে মিছন বিৰুবালাৰ জৰিয়তে ৷
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিৰুবালা ৰাভাৰ সংগ্ৰাম - তেজপুৰ ভাৰতীয় শিশু বিকাশ কেন্দ্ৰ
বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয় বিশিষ্ট সমাজকৰ্মী বিৰুবালা ৰাভা ৷ মিছন বিৰুবালাৰ অধীনত অঞ্চলটোত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা আয়োজন কৰে বিৰুবালা ৰাভাই ৷
বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ তেজপুৰ ভাৰতীয় শিশু বিকাশ কেন্দ্ৰত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে মহিলাসকলৰ মাজত সজাগতা সভাত ভাগ লয় ৷ অনুষ্ঠানতে মিছন বিৰুবালালৈ ভাৰতীয় শিশু বিকাশ কেন্দ্ৰই 10 হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে ৷
বৰ্তমানে অসমৰ বিভিন্ন স্থানত মিছন বিৰুবালাই সচেতনতা বৃদ্ধি কৰিবলৈ কাম কৰি আছে ৷ নিজৰ লগতে সমাজৰ সকলোকে অন্ধবিশ্বাস আৰু কুসংস্কাৰ তথা ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় বিৰুবালা ৰাভাই ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সজাগতা সভাত চিকিৎসক ডাঃ লক্ষ্মী গোস্বামীৰ লগতে মিনাক্ষী আগৰৱালাকে ধৰি বহুটো লোক উপস্থিত থাকে ৷