তেজপুৰ,২ নৱেম্বৰ:তেজপুৰ তথা ৰাজ্যৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে বুধবাৰে ৭৯ বছৰত পদাৰ্পন কৰিলে (Birthday of Aishwarya Kakati) ৷ তেজপুৰৰ পাৰ্বতী নগৰ নিবাসী তথা নাট্যক্ষেত্ৰখনত সক্ৰিয় হৈ থকা নাট্যকাৰ,পৰিচালকগৰাকীয়ে প্ৰতিটো জন্ম দিনত এখন নাটক দৰ্শকক উপহাৰ দি আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় ৷ ৭৯ সংখ্যক জন্ম দিনটোত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা ড৹ভূপেন হাজৰিকা কলাভূমিত পৰিৱেশন কৰা হ'ব "ছ হাত মাথোঁ "।
তেওঁ ১৯৪৩ চনৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ কৰে যদিও শৈশৱতে তেজপুৰৰ খুড়াকৰ ঘৰত থাকিয়েই অধ্য়য়ন কৰে ৷ প্ৰয়াত তাৰানাথ কাকতি আৰু প্ৰয়াত মোহিনী কাকতিৰ পুত্ৰ ঐশ্বৰ্য কাকতিয়ে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্য়ালয়ত (Tezpur Government Higher Secondary School) অধ্য়য়নৰ পিছত দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে ৷
79 সংখ্যক জন্মদিন উদযাপন কৰাৰ প্ৰাক্মুহূৰ্তত প্ৰবীন নাট্য শিল্পীগৰাকীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে এক জেদত পৰিয়েই মহাবিদ্যালয়ত পঢ়ি থাকোতে ১৯৬৬ত সংগীত নাটকম নামৰ অনুষ্ঠানৰ জন্ম দিছিল ৷ এই অনুষ্ঠানৰ সহযোগী কাণ্ডাৰী সকল নিপন গোস্বামী (Actor Nipon Goswami) ,প্ৰণৱ সিংহ,সত্যৰঞ্জন কলিতা,ৰবীন গায়নে ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় লৈছে ৷ একেদৰেই আন এক বিশেষ কাৰণত তেওঁ ১৯৮০ত ৰচনা কৰিছিল শিশু নাটক 'দিৱাৰ ট'ৰনি হ্যেয়' ৷
প্ৰথম অৱস্থাত অভিনেতা হিচাপে সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত থকাৰ বিপৰীতে বন্ধু নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ বিয়োগৰ পাছত শুভাকাংক্ষী সকলৰ আহ্বানত কাকতিয়ে নাটক ৰচনা কৰিবলৈ লয় ৷ পৰৱৰ্তী সময়ত তেওঁ নাটক ৰচনা আৰু পৰিচালনা কৰে । তেওঁ দূৰদৰ্শনৰ বাবে মৃত্যু জানো এক শিল্প,দেৱাল ভঙাৰ গান,আখৰি চালাম,সেই মৃত্যু অপৰাজেয় নাটক ৰচনা তথা পৰিচালনা কৰে ৷ আনহাতে,এমেচাৰ নাট্য গোষ্ঠীৰ বাবে তেওঁ ৰচনা কৰে ঔৰংজেৱৰ ফাঁচী,মইনামতীৰ কুৰুক্ষেত্ৰ,বদন বৰফুকন,ইপাৰ-সিপাৰ,শাৰী শাৰী পতাকা,ছাঁ পোহৰৰ খেলা,অংকুৰ,দেশ চলি আছে,মমেন্তাম,ইভলিউচন,কোমাই চিমাই,সুখ এটা ইলিউশ্যন,বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুন,ৰঙীন চশমাৰ পৃথিৱী,হৃদয়ত গোপনে,সন্ধ্যা আহিল কোনবাটে,ধুমুহাতো জ্বলি আছে বন্তিগছি আদি নাটক ৷
কেবল সিমানেই নহয়,তেওঁ দেৱাল ভঙাৰ গান,থোৰা চা আচমান,আখৰি চালাম আৰু স্কুল বেগ নামৰ চাৰিখন শিশু নাটক ৰচনা তথা পৰিচালনা কৰি দেশে-বিদেশত সমাদৃত হৈছে ৷ এইজন ছিৰিয়াছ নাট্যকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবেও ভালেকেইখন নাটক ৰচনা কৰিছে ৷ ইয়াৰে ভিতৰত ৰূপালিম থিয়েটাৰৰ ৰাতিৰ জুই,শেষ প্ৰহৰ,অসম ষ্টাৰৰ জয় জয়ন্তী,সম্ৰাট,গিৰিৰাজ আৰু সমন্বয় থিয়েটাৰৰ অপবিত্ৰ দেৱতা,দেৱতাৰ মৃত্যু,অগ্নিগৰ্ভা জন্মভূমি অন্য়তম ।