অসম

assam

Birthday of Bishnu Rabha: তেজপুৰত কলাগুৰুৰ ১১৪ সংখ্যক জন্ম দিৱস পালন

By

Published : Jan 31, 2023, 3:25 PM IST

১১৪ সংখ্যক ওপজা দিনত কলাগুৰুক স্মৰণ । এই উপলক্ষে তেজপুৰৰ কলিবাৰীস্থিত কলাগুৰুৰ সমাধিস্থল তথা সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হয় স্মৃতিচাৰণ সভা (Tribute to Bishnu Rabha)। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কলাগুৰুৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিব বুলি কয় ।

Birthday of Vishnu Prasad Rabha at Tezpur
কলাগুৰুক সমাধিস্থলত শ্ৰদ্ধাঞ্জলি

কলাগুৰুক সমাধিস্থলত শ্ৰদ্ধাঞ্জলি

তেজপুৰ, ৩১ জানুৱাৰী:আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১১৪ সংখ্যক ওপজা দিন (114th birthday of Bishnu Prasad Rabha)। ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো এই ওপজা দিনটো পালন কৰা হয় । এই উপলক্ষে মঙলবাৰে তেজপুৰৰ কলিবাৰীত অৱস্থিত কলাগুৰুৰ সমাধিস্থল তথা সমন্বয় ক্ষেত্ৰত বৰ্ণাঢ্য় কাৰ্যসূচীৰে এই দিনটো পালন কৰা হয় শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্য়োগত (Birthday of Bishnu Prasad Rabha at Tezpur) । তেজপুৰৰ কলিবাৰীস্থিত কলাগুৰুৰ সমাধিস্থল তথা সমন্বয় ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসন আৰু সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত এই দিৱস পালন কৰা হয় । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত গীতে-মাতে মহান শিল্পীগৰাকীক স্মৰণ কৰে । এই কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ বিধায়ক তথা কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাও অনুষ্ঠানটোত উপস্থিত থাকে । মন্ত্ৰী দাসে কলাগুৰুৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

মন্ত্ৰীগৰাকীয়ে অসমীয়া জাতিক প্ৰচাৰ বিমুখ জাতি বুলি উল্লেখ কৰি কয় যে সেইবাবে ইমানদিনে ৰাষ্ট্ৰীয় পৰ্যায়ত কলাগুৰক প্ৰতিষ্ঠিত কৰিব পৰা নাই । এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কিদৰে কলাগুৰক উপস্থাপন কৰিব পাৰি সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি তেওঁ কয় ৷ ইপিনে, পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সমাধিক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ ১০ লাখ টকা আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে । এই বিষয়টো তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিব বুলিও কয় (Minister Ranjit Kumar Dass) ।

আনহাতে, জনসংখ্যা নীতি সন্দৰ্ভত সৰৱ হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়,"এইক্ষেত্ৰত এআইইউডিএফ বা আন কোনোৱে ৰাজনীতি কৰিলে নহ'ব ৷ চৰ-চাপৰি আৰু চাহ বাগিচা অঞ্চলত শিক্ষাৰ অনগ্ৰসৰতাৰ ফলতে মূলতঃ জনসংখ্যাৰ বিষ্ফোৰণ ঘটিছে । ইয়াক মষিমূৰ কৰিবলৈ অচিৰেই বিধানসভাত আইন গ্ৰহণ কৰা হ'ব ৷" উল্লেখ্য যে, ১১৪ সংখ্যক ওপজা দিনত পিতৃক সুঁৱৰি বিধায়ক পুত্ৰই কলাগুৰুৰ কালজয়ী গীতৰ কলি গুণগুণায় ৷

উল্লেখ্য় যে বিষ্ণু প্ৰসাদ ৰাভাৰ ১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্ম হৈছিল । ১৯৬৯ চনৰ ২০ জুনত তেওঁৰ মৃত্য়ু হয় । তেওঁক সকলোৱে অসমৰ বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু হিচাপে আখ্য়া দি আহিছে । কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ আৰু তেওঁৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বেপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল । এয়া আছিল অসমীয়া জাতিৰ বাবে এক গৌৰৱৰ কাৰণ । বিষ্ণু প্ৰসাদ ৰাভাক 'কলাগুৰু' হিচাপেই অসমীয়া জাতিটোৱে শ্ৰদ্ধা জনাই আহিছে ।

লগতে পঢ়ক:Microsoft ৰ ChatGPT ৰ সৈতে মোকাবিলা কৰিবলৈ সাজু চীন, শীঘ্ৰেই আহি আছে কথা ক'ব পৰা AI ভিত্তিক ChatBot

ABOUT THE AUTHOR

...view details