অসম

assam

ETV Bharat / state

ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ 'বিশাল শ্ৰমিক গৰ্জন' কাৰ্যসূচী

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ চাহ শ্ৰমিক ৰাইজৰ জলন্ত সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অসম চাহ মজদুৰ সংঘৰ ৰঙাপৰাস্থিত তেজপুৰ শাখা কাৰ্যালয়ৰ পৰা আৰম্ভ কৰে এক মটৰ চাইকেল ৰেলী ৷

ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ 'বিশাল শ্ৰমিক গৰ্জন' কাৰ্যসূচী
ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ 'বিশাল শ্ৰমিক গৰ্জন' কাৰ্যসূচী

By

Published : Jan 18, 2021, 1:38 PM IST

ৰঙাপৰা,18 জানুৱাৰী:ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাই ৰূপায়ন কৰে 'বিশাল শ্ৰমিক গৰ্জন'কাৰ্যসূচী ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ চাহ শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধিকে ধৰি জলন্ত সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অসম চাহ মজদুৰ সংঘই এক বিশাল কাৰ্যসূচী হাতত লৈছে ৷ ৰঙাপৰাস্থিত তেজপুৰ শাখা কাৰ্যালয়ৰ পৰা আৰম্ভ কৰে মটৰ চাইকেল ৰেলী ৷ দুটা ভাগত বিভক্ত হৈ 'বিশাল শ্ৰমিক গৰ্জন' কাৰ্যসূচীৰ ব্যাপক প্ৰচাৰ চলাই শ্ৰমিক সকলে ৷

ৰঙাপৰাত অসম চাহ মজদুৰ সংঘৰ 'বিশাল শ্ৰমিক গৰ্জন' কাৰ্যসূচী

উল্লেখ্য যে,বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত ২১ জানুৱাৰীত অসম চাহ মজদুৰ সংঘই চাহ বাগিচা সমূহ বন্ধ কৰি বিশাল শ্ৰমিক গৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচীত যাতে চাহ শ্ৰমিক ৰাইজে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত স্বতঃস্ফূৰ্ত ভাৱে অংশ গ্ৰহণ কৰে তাৰে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে সোমবাৰে অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাই মটৰ চাইকেল ৰেলী উলিয়াই ৷ ৰেলীৰ সময়ত সংঘৰ প্ৰাথমিক গোটৰ সভাপতি,সম্পাদকে আদি কৰি সদস্যসকলে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

লগতে পঢ়ক:৭টা সংখ্যালঘু অধ্যুষিত সমষ্টিত প্ৰতিদ্বন্দিতাৰ বাবে সাজু বিজেপি

ABOUT THE AUTHOR

...view details