তেজপুৰ, 21 এপ্ৰিল : বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ সঞ্চালক প্ৰধান লে. জেনেৰেল ৰাজীৱ চৌধুৰীয়ে আজি মটৰ চাইকেল ৰেলীৰ ফ্লেগ এফ কৰে । তেজপুৰৰ প্ৰজেক্ট ভৰ্ত্তকৰ কাৰ্যালয়ৰ পৰা একতা আৰু শ্ৰদ্ধাঞ্জলি অভিযান উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আৰম্ভ কৰা হয় এই ৰেলীৰ ৷ যোৱা ১৩ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ কিবিঠুৰ ভাৰত-চীন সীমান্তৰ প্ৰথমখন গাঁওৰ পৰা আৰম্ভ হোৱা বৰ্ডাৰ ৰোডছৰ ১৫ জনীয়া মটৰ চাইকেল আৰোহীয়ে এই যাত্ৰা আৰম্ভ কৰিছিল (border roads organisation) ।
আঞ্জাও জিলাৰ কিবিঠু, তেজু ,পাছিঘাট, ইটানগৰ হৈ তেজপুৰত উপস্থিত হোৱা দলটোৱে অহা ৬ মে'ত বৰ্ডাৰ ৰোডছৰ পুনেৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে । ৭ মে'ত বৰ্ডাৰ ৰোডছৰ প্ৰতিষ্ঠা দিৱসত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা নিয়া বিভিন্ন গছ পুলি আৰু নদীৰ পৰা নিয়া পানী অন্য স্থানত মিহলি কৰিব একতাৰ চিনস্বৰূপে । অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰ্ডাৰ ৰোডছৰ সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে , বৰ্ডাৰ ৰোডছৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা হৈছে (Bike rally by border roads organisation) ।