তেজপুৰ, ২৫ জুলাই: ভাৰতে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ লগত সংগতি ৰাখি দেশজুৰি উদযাপন কৰা হ’ব 'আজাদী কা অমৃত মহোৎসৱ' ৷ ইয়াৰ অংশ হিচাবে ভাৰত চৰকাৰৰ বিদ্যুৎ মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যুৎ বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বগীজুলিত 'বিজুলী মহোৎসৱ' অনুষ্ঠিত কৰা হয় (Bijli Mahotsav at Sonitpur) ।
দেশৰ শক্তি ক্ষেত্ৰখন উন্নীত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত কাৰ্যকৰী কৰা বিভিন্ন আঁচনিসমূহ আৰু এই দিশত লাভ কৰা সাফল্যতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত (Ujjwal Bharat Ujjwal Bhavishya) শীৰ্ষক এই কাৰ্যসূচীত চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika) মুখ্য অতিথি হিচাবে উপস্থিত থাকে ।
শোণিতপুৰৰ বগীজুলিত বিজুলী মহোৎসৱ উদযাপন সভাত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া, এপিডিচিএল'ৰ তেজপুৰ বিদ্যুৎ মণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া শোভন শইকীয়া, নীপকো'ৰ উপ-মহাপ্ৰবন্ধক (মানৱ সম্পদ) এলবিন দিপীকা দলে, জিলা প্ৰশাসনৰ অনান্য বিষয়া আৰু বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লকগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।
শোণিতপুৰৰ বগীজুলিত বিজুলী মহোৎসৱ উদযাপন উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা (Pradhan Mantri Sahaj Bijli Har Ghar Yojana) আচঁনি উদ্বোধনৰ ১৮ মাহৰ ভিতৰত ১০০ শতাংশ হিতাধিকাৰীয়ে বিজুলী সংযোগ লাভ কৰা চতিয়া সমষ্টিৰ বগীজুলি আৰু আমলগাত এই বিজুলী মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ দেশৰ ৭৭৩ খন জিলাত ১০০ শতাংশ ঘৰত বৈদ্যুতিকৰণ সম্পন্ন হোৱা প্ৰতিখন জিলাৰে দুখনকৈ গাঁৱত ২৫ৰ পৰা ৩০ জুলাই লৈকে এই মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে ৷
লগতে পঢ়ক:Kargil Vijay Diwas: কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি BJP ৰ বাইক ৰেলী