অসম

assam

ETV Bharat / state

ঢেকীয়াজুলিত বিহু কৰ্মশালা - BIHU PREPARATION

নিৰ্বাচনী তৎপৰতাৰ মাজতে হেপাঁহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ বিভিন্ন ঠাইত বিহু কৰ্মশালাৰ আয়োজন ৷

DHEKIAJULI

By

Published : Apr 8, 2019, 2:56 AM IST


ঢেকয়াজুলি , 8 এপ্ৰিল : প্ৰকৃতিয়ে ন-ৰূপ লৈ উমান দিলে অসমীয়া জীৱনৰ স্বাভিমান, অসমীয়াৰ অস্তিত্ব হেপাহৰ ৰঙালী পদূলি মুখ পোৱাৰ ৷ ঢেকিয়াজুলি পাঁচনৈত কণকণ শিশুৰ লগতে ডেকা গাভৰুৱে হেঁপাহেৰে অংশগ্ৰহণ কৰিছে ৷

পদূলি মুখ পালেহি হেপাঁহৰ ৰঙালী

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত বৰছলা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত বৰছলা লক্ষীপুজা মণ্ডপ প্ৰাঙ্গনত 7 দিনীয়া কৈ বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। 7 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈকে হ'ব লগীয়া বিহু কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মাজ ৰৌমাৰীৰ অভিজ্ঞ নাচনী ভূমিকা ভূঞা আৰু ময়ুৰী দেবী। তৃতীয় বৰ্ষৰ বিহু নৃত্যৰ কৰ্মশালাখনি শুভ উন্মোচন কৰে বৰছলা অঞ্চলৰ বিশিষ্ট ঢোল বাদক সাংস্কৃতিক ব্যক্তি ভূপেন দাসে। বৰছলা শাখা ছাত্ৰ সন্থাৰ সভাপতি কংকন জ্যোতি নাথ সম্পাদক চন্দন মহাপাত্ৰৰ তত্বাবধানত অনুষ্ঠিত হোৱা কৰ্মশালা খনত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য নিতুল বৰা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি অভিজিৎ নাথ জিলা উপ সভাপতি নিতু ডেকা, কল্পজ্যোতি নাথ, কৌশিক নাথৰ লগতে জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সমিতি খনৰ বহু কেইগৰাকী প্ৰতিনিধি উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details