বিহালীত ব্যাপক গড়াখহনীয়া
নদীৰ দাঁতিকাষৰীয়া অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে গড়াখহনীয়াই ৷ জন প্ৰতিনিধিয়ে খা খবৰ নোলোৱাৰ অভিযোগ
বিহালীত ব্যাপক গড়াখহনীয়া
বিহালী, 25 জুলাই : বিহালীৰ নীলবাৰীত বৰগাং নদীত ব্যাপক গড়াখহনীয়া ৷ নৈত উটি গ'ল বহু পশুধন ৷ বাঢ়নী পানীয়ে নদীখনৰ পানীৰ গতিবেগ বৃদ্ধি কৰাত নদীৰ দাঁতিকাষৰীয়া অঞ্চলত গড়াখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ খহনীয়া হোৱা ঠাইত জিলা প্ৰশাসন তথা জন প্ৰতিনিধিয়ে খহনীয়াগ্ৰস্ত লোকসকলৰ কোনো খা খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে ৷ এইক্ষেত্ৰত চৰকাৰে গড়াখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৷