অসম

assam

ETV Bharat / state

তেজপুৰ জাহাজ ঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী - sonitpur police

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক দশমীৰ দিনা বিদায় জনোৱা হয় ৷ আজি অৰ্থাৎ দশমীৰ পুৱাৰে পৰাই দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নদী বা ঘাট সমূহত দেৱী দুৰ্গাৰ প্ৰতিমা সমূহ বিসৰ্জন দিয়া হৈছে ৷ তেজপুৰতো পুৱাৰে পৰা আৰম্ভ দেৱী বিসৰ্জনৰ কাৰ্যসূচী ৷

bid farewell to goddess durga
বৈদিক ৰীতি-নীতিৰে মহীষমৰ্দিনীক বিসৰ্জন

By

Published : Oct 15, 2021, 5:35 PM IST

Updated : Oct 16, 2021, 8:51 AM IST

বিশ্বনাথ, 15 অক্টোবৰ :সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে ষষ্ঠীত প্ৰতিষ্ঠা কৰা হৈছিল মা-দুৰ্গাক ৷ মহালয়াত ধৰালৈ নামি অহা দুৰ্গতিনাশিনীক বিগত 9 টা দিনে কৰা হয় পূজা-অৰ্চনা ৷ অৱশেষত সম্পূৰ্ণ 9 দিনৰ অন্তত অৰ্থাৎ দশমীৰ দিনা ধৰ্মীয় নিয়ম অনুসৰি মা-দুৰ্গাক বিদায় জনোৱা হয় ৷

তেজপুৰ জাহাজ ঘাটত আৰম্ভ দেৱী বিসৰ্জনৰ কাৰ্যসূচী

ষষ্ঠীৰ পৰা নৱমীলৈ দেশ তথা ৰাজ্যত বিৰাজ কৰা উৎসৱমুখৰ মাদকতাই যেন শাম কাটে বিজয়া দশমীৰ দিনা ৷ বিজয়া দশমীৰ দিনা এক বিষাদ মনেৰে মহীষমৰ্দিনীক বিসৰ্জন দিয়া হয় ৷ আজি অৰ্থাৎ শুকুৰবাৰে তেজপুৰত পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে দেৱী বিসৰ্জনৰ কাৰ্যসূচীৰ ।

তেজপুৰ জাহাজ ঘাটত আৰম্ভ এই দেৱী বিৰ্সজন প্ৰক্ৰিয়া ।

বৈদিক ৰীতি-নীতিৰে মহীষমৰ্দিনীক বিসৰ্জন

লগতে পঢ়ক :মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী

পুৱা 8 বজাৰ পৰাই তেজপুৰৰ বিভিন্ন পূজা কমিটি সমূহে নিজৰ নিজৰ দেৱী প্ৰতিমা সমূহ তেজপুৰ জাহাজ ঘাটত বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে, তেজপুৰৰ 107 খন পূজা সমিতিক ক’ভিড-19 ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি দিনৰ 2 বজাৰ ভিতৰত প্ৰতিমা বিসৰ্জন দিবলৈ নিৰ্দেশনা দিছে শোণিতপুৰ জিলা প্ৰশাসনে । ইফালে এই নিৰ্দেশনা পাচতে বিজয়া দশমীৰ পুৱা 8 বজাৰ পৰা পূজা সমিতি সমূহে নিজৰ নিজৰ প্ৰতিমা বিসৰ্জন দিবলৈ আৰম্ভ কৰে তেজপুৰ জাহাজ ঘাটত ।

দেৱী বিসৰ্জন

শোণিতপুৰ জিলা প্ৰশাসন নিৰ্দেশ অনুসৰি সূৰ্যাস্তৰ লগে লগে এই বিৰ্সজন প্ৰতিক্ৰিয়া সমাপ্ত কৰিবলৈ পূজা উদযাপন সমিতি সমূহক আহ্বান জনাইছে শোণিতপুৰ জিলা প্ৰশাসনে ।

লগতে পঢ়ক :নলবাৰীৰ গোবিন্দপুৰৰ নামঘৰত দুদিনীয়াকৈ পালন গুৰুজনাৰ জন্মোৎসৱ

Last Updated : Oct 16, 2021, 8:51 AM IST

ABOUT THE AUTHOR

...view details