অসম

assam

Bhupen Bora against electricity charges hike: ডবল ইঞ্জিন চৰকাৰৰ দিনত ত্রিপ’ল বিদ্যুতৰ মাচুল; ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:12 PM IST

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে বিজপিক সমালোচনা ভূপেন বৰাৰ । ডবল ইঞ্জিন চৰকাৰৰ দিনত বিদ্যুৎ মাচুল ত্রিপ’ল হৈছে বুলি তেজপুৰত আয়োজিত সংবাদমেলত উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

Bhupen Bora slams BJP Govt
বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ভূপেন বৰা

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ভূপেন বৰা

তেজপুৰ,১ অক্টোবৰ:তেজপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল । ৰাজ্য চৰকাৰে বিদ্যুৎ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ তীব্ৰ বিৰোধীতা কৰি বিজেপি দলৰ চৰকাৰক সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । সভাপতি বৰাই কয় যে অসম চৰকাৰৰ শেহতীয়াকৈ প্ৰকাশ কৰা বিদ্যুৎ বিভাগৰ নিৰ্দেশক পঞ্চায়ত আৰু চহৰ অঞ্চলত দাহ কৰি অসমত কংগ্ৰেছ দল শাসনলৈ আহিলে ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়া কৰি দিব বুলি কংগ্ৰেছৰ সদস্যই জুইক সাক্ষী কৰি শপত গ্ৰহণ কৰিব ।

ডবল ইঞ্জিনৰ চৰকাৰৰ দিনত বিদ্যুতৰ মাচুল ত্ৰিপ'ল বুলি অভিহিত কৰে ভূপেন বৰাই । ইতিমধ্যে কংগ্ৰেছে কৰ্ণাটকত প্ৰতিঘৰ লোকক ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়া বুলি উল্লেখ কৰে বৰাই । আনহাতে তেওঁ কয় যে অহা ১১ অক্টোবৰত বিজেপি এজিপি বিপিএফ দলৰ বহু নেতাই কংগ্ৰেছত যোগদান কৰিব ৷ অমৃত কলহ যাত্ৰাৰ বিষয়ে তীৰ্যক মন্তব্য কৰি কয় যে এতিয়া বিজেপিত কেৱল মাটিৰ খেলা চলিছে । কোনোবাই বিঘাই বিঘাই মাটি, বাগান দখল কৰিছে আৰু সমূহীয়াকৈ কলহত ভৰাইছে ৷ পূজাৰ পিছত ৰাহুল গান্ধী অসমলৈ আহিব ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতিঘৰ মানুহক অভিযোগ পত্ৰ দাখিল কৰিব ৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পালন কৰিছে নে নাই ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলাব ৷

ইয়াৰোপৰি বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থৰ বিৰুদ্ধে চি এম ভিজিলেঞ্চৰ অভিযান সম্পৰ্কে মন্তব্য কৰাৰ লগতে পীযুষ হাজৰীকাকো তীব্ৰ কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ লগতে ৫ অক্টোবৰৰ পৰা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক:Akhil Gogoi on Assam CM : অসমৰ ৰাজনৈতিক ক্ষেত্রৰ মাফিয়া হিমন্ত বিশ্ব শৰ্মা : অখিল গগৈ

ABOUT THE AUTHOR

...view details