অসম

assam

By

Published : Jul 22, 2022, 1:11 PM IST

Updated : Jul 22, 2022, 1:42 PM IST

ETV Bharat / state

Cross voting in presidential election: কংগ্ৰেছৰ ৪ বিধায়কক গাড্ডাৰ আখ্যা ভূপেন বৰাৰ

দেশৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ল । কিন্তু ফলাফলৰ পাছতে এতিয়া অসমত ক্ৰছ ভোটিঙৰ বিতৰ্ক আৰম্ভ (Cross voting controversy in Assam)। বিৰোধীৰ প্ৰায় ২২ গৰাকী বিধায়কে নিজৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিয়াৰ পৰিবৰ্তে ভোট দিলে দ্ৰৌপদী মুৰ্মুক ৷ কংগ্ৰেছ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Cross voting in presidential election
কংগ্ৰেছৰ ৪ বিধায়কক গাড্ডাৰ আখ্যা ভূপেন বৰাৰ

তেজপুৰ,২২ জুলাই :দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে দ্ৰৌপদী মুৰ্মু (Droupadi Murmu new President of India)। বৃহস্পতিবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ লগে লগে এনডিএ চৰকাৰে ব্যাপক আনন্দ উল্লাহ কৰা দেখা গৈছে । যিহেতু বিৰোধীৰ তুলনাত ভালেসংখ্যক ভোটত জয়ী হৈছে এনডিএ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু (Droupadi Murmu wins presidential polls)। নিৰ্বাচনী ফলাফলক লৈ বিৰোধী নিৰাশ হোৱা পৰিলক্ষিত হৈছে ।

কংগ্ৰেছৰ ৪ বিধায়কক গাড্ডাৰ আখ্যা ভূপেন বৰাৰ

সমান্তৰালকৈ ক্ৰছ ভোটিঙক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ অসমত ক্ৰছ ভোটিঙক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । নিৰ্বাচনৰ ফলাফলৰ পাছতে স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটতে ক্ৰছ ভোটিঙৰ প্ৰসংগ উত্থাপন কৰিছে (Assam CM on cross voting)। লগে লগে বিৰোধী শিবিৰত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে (Assam opposition MLA cross voting in presidential election)।

এইবাৰ ক্ৰছ ভোটিঙৰ প্ৰসংগত মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই (APCC President reaction on cross voting)। প্ৰথমে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক শুভেচ্ছা জ্ঞাপন কৰে ভূপেন বৰাই । তাৰ পাছতে ক্ৰছ ভোটিং সন্দৰ্ভত ক্ষোভিত হৈ পৰে নেতাগৰাকী ।

ভূপেন বৰাই নিজ দলৰে বিধায়কক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলত গাড্ডাৰ (বিশ্বাসঘাটক) আছে । দলৰ চাৰিগৰাকী বিধায়কক গাড্ডাৰ আখ্যা ভূপেন বৰাৰ । বিৰোধীৰ ২৬ টা ভোটৰ বিপৰীতে মাত্ৰ ২০ টা ভোটহে যশোৱন্ত সিনহাই লাভ কৰিলে বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

তেজপুৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু দলৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত উলিওৱা হয় এক বিশাল প্ৰতিবাদী সমদল ৷ বিজেপি দল তথা চৰকাৰে CBI, ED আদি তদন্তকাৰী সংস্থাক হাতৰ মুঠিত ব্যৱহাৰ কৰাৰ অভিযোগ তুলি এই বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ দলে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেজপুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ সভাপতি বৰাই ক্ৰছ ভোটিং সন্দৰ্ভত মন্তব্য কৰে ।

তেওঁ ঘোষণা কৰা মতে গাড্ডাৰী কৰা ৪ বিধায়কক অতি শীঘ্ৰেই চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও দাবী কৰে সভাপতি ভূপেন বৰাই ৷ আনহাতে AIUDFৰ বিধায়কৰ বিশ্বাসঘাটকতা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই ।

উল্লেখ্য যে অসম বিধানসভাত মুঠ বিধায়ক ১২৬ গৰাকী যদিও এ আই ইউ ডি এফৰ দুজন বিধায়ক হজলৈ যোৱাৰ বাবে তেওঁলোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব নোৱাৰিলে ৷ ভোটদান কৰিছিল ১২৪ গৰাকী বিধায়কেহে ৷ কিন্তু বিৰোধীৰ ২২ গৰাকী বিধায়কে নিজৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিয়াৰ পৰিবৰ্তে ভোট দিলে দ্ৰৌপদী মুৰ্মুক ৷

লগতে পঢ়ক :Cross Voting in Assam: মুৰ্মুক ভোট দিলে অসমৰ 22 বিৰোধী বিধায়কে

Last Updated : Jul 22, 2022, 1:42 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details