তেজপুৰ, ২৩ আগষ্ট:তেজপুৰত অনুষ্ঠিত হয় কংগ্ৰেছত যোগদান কাৰ্যসূচী । উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি ভূপেন বৰা । তেজপুৰত উপস্থিত হৈ APCC ৰ সভাপতিগৰাকীয়ে চন্দ্ৰযান-৩ ৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে বিজ্ঞানীসকলক শুভেচ্ছা জ্ঞাপন কৰে । ইয়াৰ পাছতেই সাংবাদিকৰে হোৱা বাৰ্তালাপত বৰাই আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দল বাগৰা নেতা বুলি অভিযোগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, কংগ্ৰেছ দল ইতিহাস প্ৰসিদ্ধ এটা দল আৰু এই দলৰ পৰাই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতি আৰম্ভ কৰিছে । কংগ্ৰেছ ৱৰ্কিং কমিটি এটা ক্লাৱ নহয় ১৮৮৫ চনৰ ২৮ ডিচেম্বৰত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত কাম কৰিছিল আৰু ১৯৪২ চনৰ ৮ আৰু ৯ ছেপ্টেম্বৰত ‘কৰেংগে আওৰ মৰেংগে’ বুলি আন্দোলন কৰি দেশ স্বাধীন কৰিছিল ।
সেই চি ডব্লিউ চি ৰ বিৰুদ্ধে এগৰাকী প্ৰাক্তন কংগ্ৰেছৰ নেতাৰ এনে মন্তব্য শোভা নাপায় । লগতে বৰাই কয় যে মানুহৰ যেতিয়া ৰাজনৈতিকভাৱে উত্তৰণ ঘটে তেতিয়া পৰিপক্ক হয় । যেতিয়া এখন সৰু চকীৰ পৰা ডাঙৰ চকী লৈ পদোন্নতি হয় তেতিয়া চিন্তা চৰ্চা ভাল হোৱাটো কামনা কৰোঁ বুলি উল্লেখ কৰে ।