তেজপুৰ, 8 জুলাই : ৰাজ্যত ব্ৰহ্মপুত্ৰৰ নদী (Brahmaputra River)ৰ ওপৰত মুঠ 7 খন দলং নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত 7 নং দলংখন হৈছে কলীয়া ভোমোৰা (Kolia Bhomora)ৰ দ্বিতীয়খন দলং অৰ্থাৎ ভোমোৰাগুৰি দলং (Bhomoraguri Bridge) ৷ কলীয়া ভোমোৰাগুৰিত বৰ্তমান এই দলংখনৰ নিৰ্মাণৰ কাম চলি আছে । গেমন ইণ্ডিয়া লিমিটেড (Gammon India Ltd) কোম্পানীৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী (National Highway Authority)ৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে দলংখন । এই দলংখনৰ প্ৰায় 70 শতাংশ কাম সম্পূৰ্ণ হৈছে ৷
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কলীয়া ভোমোৰা সেঁতুৰ সমান্তৰালকৈ নিৰ্মাণ হোৱা এইখন দলঙৰ নিৰ্মাণে বিশেষ গুৰুত্ব লাভ কৰিছে ৷ কাৰণ একমাত্ৰ উত্তৰ পাৰত অৱস্থিত এই দলঙৰ পৰা বিশেষকৈ উপকৃত হ’ব সুৰক্ষা বাহিনীৰ লোক । ভাৰতীয় সেনা বাহিনীৰ লগতে দেশৰ সকলো সুৰক্ষা বাহিনীৰ লোকসকলৰ বাবে যোগাযোগ ব্যৱস্থাৰ একমাত্ৰ আহিলা হৈ পৰিব এই দলংখন । ভাৰতীয় সেনাবাহিনী আন্তঃৰাষ্ট্ৰীয় সীমান্তত উপনীত হ’বলৈ ৰে’ল যোগাযোগ ব্যৱস্থাৰ পাচতে অন্যতম ঘাইপথ আৰু এই দলঙৰ নিৰ্মাণে সেনাবাহিনীৰ বাবে অধিক গুৰুত্ব লাভ কৰিব ।
শোণিতপুৰ জিলা অতিক্ৰম কৰাৰ পাচত অৰুণাচল প্ৰদেশৰ ভালুকপুং আৰু জোনাইৰ পাচতে সীমান্তৰ বৃহৎ সংখ্যক সুৰক্ষা বাহিনীৰ লোক দৈনিক মোতায়েন কৰা হয় ।