অসম

assam

ETV Bharat / state

Bharatiya Paramparik Krishi Mela: ধাৰা: ভাৰতীয় পাৰম্পৰিক কৃষি মেলা শীৰ্ষক তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ - Tezpur University

তেজপুৰ বিশ্ববিদ্যালয়ত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ধাৰা: ভাৰতীয় পাৰম্পৰিক কৃষি মেলা শীৰ্ষক তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন ৷ উদ্বোধনী অনুষ্ঠানত অসম, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা, ছত্তীশগড় আৰু মধ্য প্ৰদেশৰ ১৪০ জনৰো অধিক কৃষকে অংশগ্ৰহণ কৰে (Bharatiya Paramparik Krishi Mela) ।

Etv BharatBharatiya Paramparik Krishi Mela
ভাৰতীয় পাৰম্পৰিক কৃষি মেলা শীৰ্ষক তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

By

Published : Jun 5, 2023, 10:59 PM IST

তেজপুৰ বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

তেজপুৰ, 5 জুন:তেজপুৰ বিশ্ববিদ্যালয়ত আজিৰে পৰা আনুষ্ঠানিকভাৱে ধাৰা: ভাৰতীয় পাৰম্পৰিক কৃষি মেলা শীৰ্ষক তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে ৷ এই সন্মিলনৰ লক্ষ্য হৈছে পৰম্পৰাগত ভাৰতীয় কৃষি পদ্ধতিৰ প্ৰচাৰ আৰু কৃষি খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বিশেষজ্ঞ, গৱেষক আৰু কৃষকসকলৰ মাজত এখন আলোচনাৰ মঞ্চ তৈয়াৰ কৰা। (DHARA: Bharatiya Paramparik Krishi Mela organized at Tezpur)

বিশ্ববিদ্যালয়খনৰ কেবিআৰ প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত অসম, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা, ছত্তীশগড় আৰু মধ্য প্ৰদেশৰ ১৪০ জনৰো অধিক কৃষকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত বক্তব্য ৰাখি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় জ্ঞান প্ৰণালীৰ (আইকেএছ) ৰাষ্ট্ৰীয় সমন্বয়ক, অধ্যাপক গন্তী এছ মূৰ্তিয়ে উল্লেখ কৰে যে অনুষ্ঠানটো আজাদী কা অমৃত মহোৎসৱৰ অংশ, য'ত প্ৰচাৰৰ বাবে নটা বিষয় চিনাক্ত কৰা হৈছিল ৷ এই নটা বিষয়বস্তুৰ অধীনত সাংস্কৃতিক গৌৰৱ অন্যতম এক বিষয় আছিল ৷ সেই থীমৰ অংশ হিচাপে সাংস্কৃতিক গৌৰৱৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিবলৈ ধাৰা- এন অ'ড টু ইণ্ডিয়ান নলেজ চিষ্টেম আয়োজন কৰা হৈছে। (Indian Knowledge System)

তেজপুৰ বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

অনুষ্ঠানটোত উপস্থিত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক দিলীপ কুমাৰ শইকীয়াই তেওঁৰ ভাষণত কয় যে ভাৰতীয় কৃষি এক সমৃদ্ধ পৰম্পৰা যি অগণন প্ৰজন্মৰ মাজেৰে বিকশিত হৈছে আৰু ভাৰতৰ কৃষি ঐতিহ্য দেশৰ কৃষকসকলৰ স্থিতিস্থাপকতা আৰু উদ্ভাৱনৰ এক প্ৰমাণ। অৱশ্যে, তেওঁ কৃষকসকলক ইয়াক উন্নত কৰাৰ বাবে নতুন ধাৰণা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটোত অংশ লৈ কৃষি, পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী শ্ৰী অতুল বৰাই ধাৰা সন্মিলন আয়োজনৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। "মই আনন্দিত যে সমগ্ৰ দেশৰ কৃষকসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আৰু এই জন অংশীদাৰীত্বই কৃষক আৰু নীতি নিৰ্মাতা দুয়োকে লাভান্বিত কৰিব"। মন্ত্ৰী বৰাই প্ৰদৰ্শনীৰ ষ্টলসমূহো উদ্বোধন কৰে, য'ত বিভিন্ন কৃষিজাত সামগ্ৰী প্ৰদৰ্শন কৰা হৈছিল। (Assam Minister Atul Bora)

তেজপুৰ বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ প্ৰসন্ন কুমাৰ পাঠকে ভাৰতীয় কৃষকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে ব্যাখ্যা কৰে, আনহাতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে কৃষি বৈঠকখনে ভাৰতীয় কৃষি খণ্ডক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত এক ৰোডমেপ বিচাৰি উলিওৱাত সহায় কৰিব (Bharatiya Paramparik Krishi Mela)।

ভাৰত চৰকাৰৰ শিক্ষা আৰু সংস্কৃতি মন্ত্ৰালয়ৰ অধীনৰ এক অভিনৱ কোষ ভাৰতীয় জ্ঞান প্ৰণালী (আইকেএছ)ৰ দ্বাৰা সমৰ্থিত এই সন্মিলনত আত্মনিৰ্ভৰ কৃষি আৰু খাদ্য সুৰক্ষা, মুক্ত গৃহ অধিৱেশন আৰু কৃষকসকলৰ সৈতে বাৰ্তালাপ, ভাৰতীয় পৰম্পৰাগত প্ৰযুক্তিৰ ওপৰত কাৰিকৰী অধিৱেশন আদিৰ পৰা আৰম্ভ কৰি কেইবাটাও কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। কৃষকসকলে জামুগুৰিহাটৰ কন্যাকা বহুমুখী পামত পশু চিকিৎসা বিজ্ঞানৰ ব্যৱহাৰিক প্ৰদৰ্শনতো অংশগ্ৰহণ কৰিছে। অনুষ্ঠানটোত এটা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় (Bharatiya Paramparik Krishi Mela organized) ।

লগতে পঢ়ক:Oppositions Election strategy:লোকসভা নিৰ্বাচনত বিজেপিক ৰোধিবলৈ তেজপুৰত বিৰোধীৰ ৰুদ্ধদ্বাৰ বৈঠক

ABOUT THE AUTHOR

...view details