তেজপুৰ, ৮ মাৰ্চ :জামুগুৰিহাটত চলি আছে ঐতিহাসিক বাৰেচহৰীয়া ভাওনা (Baresaharia Bhaona of Jamugurihat Sonitpur) । ২২৬ সংখ্যক সাংস্কৃতিক মহোৎসৱ বাৰেচহৰীয়া ভাওনাৰ মঙলবাৰে প্ৰথমদিনা একেদৰে মুঠ ২১ খন খোলাত অনুষ্ঠিত হয় ঐতিহাসিক ভাওনা মহোৎসৱ (226th Baresaharia Bhaona Mahotsav 2023) । ৰাম বিজয়, সীতা হৰণ, বালি বধ, দক্ষ যজ্ঞ, যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞ, কৰ্ণ পৰ্ব, ৰাৱণ বধ আদিকে ধৰি মুঠ ২১ খন ভাওনা অনুষ্ঠিত হয় (Bhaona performed at Baresaharia Bhaona Mahotsav) ।
উল্লেখ্য, এই ভাওনা সমাৰোহৰ এক ঐতিহ্য আছে । ১৭৯৭-৯৮ চনত আৰম্ভ হোৱা এই ভাওনা মহোৎসৱে এইবাৰ ২২৬ বছৰত ভৰি দিলে । কিন্তু সাম্প্ৰতিক সময়ৰ সমাজ জীৱনৰ প্ৰাণ প্ৰাচুৰ্যৰ বিপৰীতে পৰম্পৰাগত সংস্কৃতি অটুট ৰাখি এই বাৰেচহৰীয়া ভাওনাৰ পৰম্পৰা চলি আহিছে । এই ভাওনা মহোৎসৱত প্ৰকাশ পায় শংকৰী সনাতন একশৰণ আদৰ্শৰ অনুপ্ৰেৰণা আৰু একান্ত ভকতি । শোণিত কোঁৱৰ গজেন বৰুৱাই (Sonit Konwaj Gajen Barua) পোন প্ৰথমবাৰৰ বাবে এই ভাওনা মহোৎসৱক জামুগুৰিহাটৰ ক্ষুদ্ৰ পৰিসৰৰ পৰা উলিয়াই আনি অসম আৰু ভাৰতবৰ্ষৰ বৃহত্তৰ সংস্কৃতিপ্ৰেমীৰ মাজত চিনাকি কৰাই দিয়ে ।
১৯৬৯ চনত গজেন বৰুৱাই পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি এই বাৰেচহৰীয়া ভাওনাক এক নতুন মাত্ৰা প্ৰদান কৰে । যাৰ ফলত এই ভাওনা মহোৎসৱ উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভক্তপ্ৰাণ ৰাইজ সমবেত হয় জামুগুৰিহাটৰ পকামূৰা পথাৰত । প্ৰতি চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই ভাওনা মহোৎসৱ বৰ্তমান উত্তৰ অসম তথা ভাৰতবৰ্ষৰ ভিতৰতে এক লেখত ল'বলগীয়া মহোৎসৱ হিচাপে পৰিগণিত হৈছে ।