তেজপুৰ,১১ জুলাই: মঙলবাৰে শোণিতপুৰত বেটি বচাও বেটি পঢ়াও’ৰ এক সজাগতা সমদল আয়োজন কৰা হয় ৷ জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা আৰম্ভ হোৱা সমদলৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই । উক্ত কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, সহকাৰী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া বৰষা তালুকদাৰৰ লগতে মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু শোণিতপুৰ জিলা মহিলা সৱলীকৰণৰ কেন্দ্ৰৰ বিষয়াসকল উপস্থিত থাকে । দেশত শিশু লিংগ অনুপাত হ্ৰাস পোৱাৰ বিষয়টোৰ লগতে ছোৱালী আৰু মহিলাৰ সৱলীকৰণৰ আনুষংগিক বিষয়সমূহক সামৰি ২০১৫ চনৰ ২২ জানুৱাৰীত বেটি বচাও বেটি পঢ়াও আঁচনি আৰম্ভ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে ।
আনহাতে এই সজাগতা কাৰ্যসূচীৰ দ্বাৰা সকলো অংশীদাৰক অৱগত কৰি কন্যা শিশুৰ প্ৰতি থকা ধাৰণা, সামাজিক পৰিবৰ্তন সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷ উল্লেখ্য যে, বেটি বাচাও বেটি পঢ়াও আঁচনিৰ আধীনত জন্মৰ সময়ত লিংগ অনুপাত উন্নত কৰা, প্ৰতি বছৰে মাধ্যমিক শিক্ষা স্তৰত ছোৱালী আৰু মহিলাৰ নামভৰ্তি বৃদ্ধি তথা দক্ষতা বিকাশ, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছোৱালীৰ মাজত ড্ৰপআউটৰ হাৰ হ্ৰাস কৰা আৰু ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা বিষয়সমূহ অন্তৰ্ভুক্ত কৰি বিভিন্ন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই মন্তব্য কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷