তেজপুৰ,৫ মাৰ্চ : বৃহস্পতিবাৰে চিলঙত বায়ু সেনা বাহিনীৰ ইষ্টান কামাণ্ডৰসকলৰ অনুস্থিত হয় এখন বৈঠক ৷ ভাৰতীয় বায়ু সেনা বাহিনীৰ ৬০ বছৰীয়া গৌৰৱ উজ্জল ইতিহাসৰ বাবে অনুষ্ঠিত হোৱা এই বৈঠকত তেজপুৰ বায়ুসেনা ঘাটিক 'Best Flying Station - Pride of EAC' ৰ সন্মানৰে পুৰষ্কৃত কৰা হয় ৷ বৈঠকত উপস্থিত থাকে দুদিনীয়া ভ্ৰমণসূচীৰে চিলঙলৈ অহা বায়ু সেনা প্ৰধান ৰাকেশ সিং ভাডুৰীয়া আৰু তেওঁ পত্নী বায়ু সেনাৰ মহিলা ৱেলফাৰৰ সভানেত্ৰী আশা ভাডুৰীয়া ৷
তেজপুৰ বায়ুসেনা ঘাটিলৈ Best Flying Stationৰ সন্মান - বায়ুসেনা বাহিনী Laitkor Peak ক
চিলঙত অনুষ্ঠিত হয় বায়ু সেনা বাহিনীৰ ইষ্টান কামাণ্ডৰৰ এখন বৈঠক ৷ বৈঠকত তেজপুৰ বায়ুসেনা ঘাটিক Best Flying Station - Pride of EAC' সন্মানেৰে পুৰষ্কৃত কৰা হয় ৷
ইষ্টান এয়াৰ কামাণ্ডৰ মূৰব্বী আৰ ডি মাথুৰে চিফ.অফ.এয়াৰ ষ্টাফক আদৰণি জনায় ৷ চিফ অফ এয়াৰ ষ্টাফ ভাডুৰীয়াই বায়ুসেনাৰ কামাণ্ডাৰ সকলক ৬০ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ বাবে সকলোকে শুভেচ্ছা জনায় ৷ বৈঠকত ভাডুৰীয়াই বায়ু সেনাৰ যুদ্ধকালীন তৎপৰতা আৰু অনুশীলনসমূহৰ বিষয়ে আলোকপাত কৰে ৷ যি কোনো পৰিস্থিতি তথা সকলো যুদ্ধৰ বাবে অনুশীলনৰ ওপৰতো ব্যস্ত থাকিবলৈ আহ্বান জনায় ভাডুৰীয়াই ৷
আনহাতে তেজপুৰ বায়ুসেনা বাহিনীক Best Flying Station - Pride of EAC' ৰ সন্মানেৰে পুৰষ্কৃত কৰাৰ লগতে আৰু বায়ুসেনা বাহিনী Laitkor Peak ক 'Best Non-Flying Station' হিচাপে ঘোষণা কৰে ৷