ৰঙাপৰা,12ফেব্ৰুৱাৰী : সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৰঙাপৰা আঞ্চলিক সমিতিয়ে নিজৰ কাৰ্যালয়ত বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলত সভাপতি গৌতম শীলে প্ৰকাশ কৰে যে, যোৱা ২৮-১২-২০২০ তাৰিখত ৰঙাপৰা পৌৰসভা কাৰ্যালয়ত চতুৰ্থদশ বিত্তীয় আঁচনিৰ নিবিদা হৈছিল ।
উক্ত নিবিদা প্ৰক্ৰিয়া চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি অনুষ্ঠিত নোহোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল । যাৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ সন্দৰ্ভত হোৱা অনিময়ৰ তদন্তৰ দাবী জনাই বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৰঙাপৰা পৌৰসভা কাৰ্যালয়ত এখন আবেদন জনাইছিল গৌতম শীলে ।
চতুৰ্থদশ বিত্তীয় আঁচনিৰ নিবিদাত হোৱা অনিময়ৰ তদন্তৰ দাবী জনাই চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত পত্ৰ দিয়াৰ পিছতো বিষয়া গৰাকীয়ে বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ ইয়াৰ পিছতে ৰঙাপৰাৰ যুৱ মৰ্চাৰ সভাপতি ভুষন চৌধুৰীয়ে হঠাৎ ফোনযোগে চতুৰ্থদশ বিত্তীয় আঁচনিৰ ঘটনাৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশ দিয়ে, অন্যথা ইয়াৰ পৰিণতি বিষম হ'ব বুলি সকীয়াই দিয়ে ।
সভাপতি গৰাকীয়ে সংবাদ মেলত সদৰী কৰা অনুসৰি, বুধবাৰে নিশা প্ৰায় ১০ মান বজাত প্ৰথমতে ভুষণ চৌধুৰীয়ে গৌতম শীলৰ বাসগৃহত প্ৰৱেশ কৰে । গেটৰ সন্মুখত অপু দাস আৰু শ্যাম থাপা নামৰ দুজন যুৱক থিয় হৈ আছিল । বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতক বিজেপিৰ কৰ্মী ভুষণ চৌধুৰীয়ে বিভিন্ন ধৰণৰ অশালীন ব্যৱহাৰ কৰাৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকিৰ লগতে নিজৰ সা-সম্পত্তি বিক্ৰী কৰি ৰঙাপৰা চহৰ ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰে ।
এই ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাৰ সন্দৰ্ভত ন্যায় বিচাৰি ৰঙাপৰা আঞ্চলিক সমিতি আৰু মহিলা সমিতিয়ে পৃথকে পৃথকে ৰঙাপৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি সংবাদ মেলত সদৰী কৰে শীলে ।