ৰঙাপৰা,26মে': শোণিতপুৰ জিলাত বেলশিৰি নদীত ব্যাপক খহনীয়া ৷ নদীৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰি এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ জানিব পৰা মতে, বৰছলা বিধানসভা সমষ্টিৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ পিৰাকটা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেলশিৰি মুখ আৰু ২ নং পিৰাকটাত বিগত কেইবাদিনো ধৰি বেলশিৰি নদীৰ বাঢ়নী পানীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে । নদীখনৰ বাঢ়নি পানীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰাত বেলশিৰিমুখত থকা মথাউৰিটোলৈ ভাবুকি কঢ়িয়াই অনাৰ ফলত অঞ্চলটোৰ লোকসকল নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ৷
বেলশিৰি নৈৰ গৰাখহনীয়া : ব্যৱস্থা গ্ৰহণৰ দাবী বিভিন্ন সংগঠনৰ - Belsiri river erosion : people demands to take actions
বৰছলা বিধানসভা সমষ্টিৰ ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ পিৰাকটা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেলশিৰি মুখ আৰু ২ নং পিৰাকটাত বিগত কেইবাদিনো ধৰি বেলশিৰি নদীৰ বাঢ়নী পানীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে।নদীখনৰ বাঢ়নি পানীয়ে গৰাখহনীয়া সৃষ্টি কৰাত বেলশিৰিমুখত থকা মথাউৰিটোলৈ ভাবুকি কঢ়িয়াই অনাৰ ফলত অঞ্চলটোৰ লোকসকল নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে ৷
বৰছলাত বেলশিৰি নৈৰ তীব্ৰ গৰাখহনীয়া
তাৰেই সংক্ৰান্তত আজি গৰাখহনীয়াৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতি প্ৰশান্ত বৈশ্যই ৷ সভাপতিগৰাকীয়ে নৈপৰীয়া ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । আনহাতে,জলসম্পদ বিভাগে বেলশিৰিমুখ, ধিৰাইমুখ, ২ নং পিৰাকটাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ গৰাখহনীয়াৰ কবলত পৰা অঞ্চলবোৰত প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই দাবী জনায় ৷