অসম

assam

By

Published : Apr 25, 2019, 8:46 PM IST

ETV Bharat / state

ৰাইজৰ অভিযোগ শুনিবৰ আহৰি নাই গণেশ লিম্বুৰ

বৰছলাত বেলশিৰি নৈৰ গৰাখহনীয়াই বিভিন্ন সময়ত সমস্যাৰ সৃষ্টি কৰিছে সমষ্টিটোত ৷ এই সমস্যাৰ খবৰ ল'বলৈ আহৰি নোহোৱাৰ অভিযোগ স্থানীয় বিধায়ক গণেশ লিম্বুৰ ৷

ৰাইজৰ অভিযোগ শুনিবৰ আহৰি নাই গণেশ লিম্বুৰ

ঢেকিয়াজুলি,25এপ্ৰিল: শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ বেলশিৰি নৈৰ গৰাখহনীয়াই বিভিন্ন সময়ত সৃষ্টি কৰি আহিছে সমস্যা । বাৰিষাৰ সময়ত নৈখনে সংহাৰি ৰূপ লৈ ত্ৰাস সৃষ্টি কৰি আহিছে সমষ্টিটোত ৷ কিন্তু নৈ পৰীয়া ৰাইজৰ বিননী শুনিবৰ আহৰি নাই কোনো জনপ্ৰতিনিধিৰ । নৈখনৰ কাষতে লাগি থকা ২০ খনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ মূল পথটো আধা অংশই বেলশিৰি নৈৰ গৰাখহনীয়াই ভাঙি লৈ যোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে । কিন্তু ৰাইজৰ অভিযোগ এই গৰাখহনীয়া সমস্যাৰ প্ৰতি কোনো দৃষ্টি নাই বৰছলা বিধান সভা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ ।

ৰাইজৰ অভিযোগ শুনিবৰ আহৰি নাই গণেশ লিম্বুৰ

ABOUT THE AUTHOR

...view details