তেজপুৰ, 26 জুলাই :লক্ষ্মী ফেঁচা, সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰতে বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত অন্যতম । ইয়াক দুই মেৰু আৰু মৰুভূমি অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে পোৱা যায় । ইয়াৰ ইংৰাজী নাম Barn Owl আৰু বৈজ্ঞানিক নাম Tyto alba ৷
ইয়াৰ উলম্ব স্থিতি, ডাঙৰ আৰু বহল মূৰ, তীক্ষ্ণ দৃষ্টি, উচ্চ শ্ৰৱণ শক্তি, চোকা ঠেং আৰু নীৰৱতাৰে উৰিব পৰাকৈ গঠিত ডেউকাৰ দ্বাৰা চিহ্নিত কৰা হয় ফেঁচাক । ক্ৰমান্বয়ে বিলুপ্তিৰ পথত গতি কৰিছে এই পক্ষীবিধ ৷ ইফালে অসমত একক প্ৰচেষ্টাত কৃষি বিজ্ঞানীসকলে ৰাজ্যখনৰ কৃষকসকলক কৃত্ৰিম বাকচৰ সহায়ত Barn Owl বা লক্ষ্মী ফেঁচাৰ সংখ্যা সংৰক্ষণ আৰু বৃদ্ধি কৰাত সহায় কৰিছে (Barn owl Conservation) ৷
লক্ষ্মী ফেঁচা, বৰ্তমান বিলুপ্তিৰ পথত থকা এবিধ পক্ষী তথ্য অনুসৰি, লক্ষ্মী ফেঁচাই খেতিপথাৰত নিগনিৰ সংখ্যা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে । ইয়াৰ ফলত কৃষকসকলে ৰাসায়নিক পদাৰ্থৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত আৰু জৈৱিক কৃষিক উৎসাহিত কৰাত সহায়ক হয় ৷ বৰ্তমান ভাৰতত ফেঁচাৰ সংখ্যা স্থিৰ কৰিবলৈ কিমান সময় লাগে দেখুৱাবলৈ কোনো দীৰ্ঘম্যাদী অধ্যয়ন নাই ৷ আনকি বিশেষজ্ঞসকলে লক্ষ্মী ফেঁচা জনসংখ্যাৰ ওপৰত কোনো চৰকাৰী তথ্যৰ যোগান ধৰা নাই ।
লক্ষ্মী ফেঁচা, বৰ্তমান বিলুপ্তিৰ পথত থকা এবিধ পক্ষী ইয়াৰ মাজতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক পক্ষী বিশেষজ্ঞ আৰু (RARS)আৰ এ আৰ এছৰ মুখ্য বিজ্ঞানী ড৹ প্ৰবাল শইকীয়াই আৱিষ্কাৰ কৰে এটা নতুন পদ্ধতি ৷ যিটো অৱলম্বন কৰি Barn owl সংৰক্ষণ আৰু কৃষকৰ খেতি পথাৰত অনিষ্টকৰী নিগনিৰ উপদ্ৰপ মষিমূৰ কৰিব পৰা যাব । দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত এই পদ্ধতিৰ দ্বাৰা অসমৰ লখিমপুৰ ধেমাজি, যোৰহাট আৰু শেহতীয়াকৈ দৰং জিলাতো কৃষকে লাভৱান হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :Gujarat hooch tragedy: বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু 28 জনৰ
তেওঁ উল্লেখ কৰা মতে, 2009 চনৰ শেষৰ ফালে, লখিমপুৰ জিলাৰ দিলীপ কোঁৱৰ নামৰ এজন ব্যক্তিৰ দোকানত প্ৰথমবাৰৰ বাবে এই আৰ্টিফিচিয়েল চৰাইৰ বাহ সাজি (Barn owl) লক্ষ্মী ফেঁচা সংগ্ৰহৰ ব্যৱস্থা কৰে । তথ্য অনুসৰি, কোঁৱৰৰ ঘৰৰ চাদৰ ওপৰত বাঁহ লৈছিল এই লক্ষ্মী ফেঁচাই । তেনে সময়তে তেওঁৰ খেতিডৰাৰ লগতে দোকান আৰু ভঁৰালত নিগনিয়ে উপদ্ৰৱ চলাইছিল ৷
কৃত্ৰিমভাৱে বাহ তৈয়াৰৰ দ্বাৰা লক্ষ্মী ফেঁচা সংৰক্ষণৰ প্ৰচেষ্টা তেতিয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ লখিমপুৰৰ আঞ্চলিক গৱেষণা কেন্দ্ৰৰ (RARS) অধ্যাপক ড৹ প্ৰবাল শইকীয়াই এই বিষয়ে জানিব পাৰি তেওঁৰ গৱেষণা পত্ৰৰ লগত নিগনিৰ উপদ্ৰৱৰ সকলো তথ্য সংযুক্ত কৰি গৱেষণা আৰম্ভ কৰিবলৈ আৰম্ভ কৰে । লখিমপুৰ জিলাৰ দিলীপ কোঁৱৰে সুবিধা বুজি তেওঁৰ চাদৰ ওপৰৰ পৰা নমাই আনি অন্য স্থানত স্থানান্তৰ কৰে ৷
তাৰ পাচত লাহে লাহে ফেঁচাবোৰ মানুহৰ লগত সহবাস কৰাত অভ্যস্ত হৈ পৰে ৷ পক্ষী বিশেষজ্ঞ আৰু আৰএআৰএছৰ মুখ্য বিজ্ঞানী প্ৰবাল শইকীয়াই কোঁৱৰৰ ফেঁচাবোৰৰ বিষয়ে জানিব পাৰি তেতিয়াৰ পৰা তেওঁ এটা পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে ৷ যাৰ বাবে চৰাইকেইটাৰ বাহ কেইটা (Nest Box) কিছু ধুনীয়া কৈ সজাই পৰা তোলে ৷ যাৰ সহায়ত চৰাইকেইটাই প্ৰকৃতিৰ মাজত থকাৰ দৰেই সকলো সুবিধা লাভ কৰিছিল ৷
লক্ষ্মী ফেঁচা, বৰ্তমান বিলুপ্তিৰ পথত থকা এবিধ পক্ষী 2012 চনৰ ছেপ্টেম্বৰত, কোঁৱৰে ফেঁচাকেইটাৰ বাবে মাটিৰ পৰা 10 ফুট উচ্চতাত দুটা কৃত্ৰিম বাঁহৰ বাকচ প্ৰস্তুত কৰে ৷ এটা বাকচত অক্টোবৰৰ ভিতৰত ইয়াৰ প্ৰথম যোৰ লক্ষ্মী ফেঁচাক সংস্থাপন কৰিছিল ৷ তেওঁ কয়, ‘‘অসমত আমি কৃষকসকলক অক্টোবৰত দুৰ্গা পূজা উৎসৱৰ আগতে এই বাকচবোৰ স্থাপন কৰিবলৈ পৰামৰ্শ দিওঁ ৷ কিয়নো প্ৰজনন ঋতু নৱেম্বৰৰ পৰা আৰম্ভ হয় । প্ৰজনন চক্ৰটো চাৰি মাহৰ ভিতৰত অৰ্থাৎ অক্টোবৰৰ পৰা জানুৱাৰীলৈ সম্পূৰ্ণ হয়’’ ।
লগতে পঢ়ক :Assam Youth Olympics 2022: চাইক্লিঙত দুটাকৈ পদক অৰ্জন কৰিলে হীৰা বসুমতাৰীয়ে
যেতিয়া প্ৰবাল শইকীয়াই দিলীপ কোঁৱৰৰ ধানৰ মিল আৰু ওচৰৰ অঞ্চলৰ পৰা সংগ্ৰহ কৰা ফেঁচাবোৰৰ পুনৰুজ্জীৱিতৰ বিষয়ে অধ্যয়ন কৰিছিল, তেওঁ দেখিছিল যে, তেওঁলোকৰ আহাৰৰ 90% তকৈও অধিক নিগনিৰ প্ৰজাতি বেণ্ডিকুট নিগনি, ঘৰৰ নিগনি, পথাৰৰ নিগনি আৰু ধূসৰ কস্তুৰী শ্ৰীউ । বাৰ্ণ ফেঁচাবোৰে তেওঁলোকৰ পাচন তন্ত্ৰই প্ৰয়োজনীয় পুষ্টি আহৰণ কৰাৰ অন্তত খাদ্যৰ হজম নোহোৱা অংশবোৰ পেলাই দিয়ে ।
বমিৰ এই পিণ্ডবোৰ যাক পেলেট বুলি কোৱা হয় ৷ য'ত প্ৰায়ে হাঁড়, পালক, লেজ, পশম, দাঁত, আৰু তেওঁলোকৰ চিকাৰৰ হজম নোহোৱা অংশ থাকে ৷ যিবোৰ গৱেষকসকলে চৰাইৰ আহাৰ নিৰ্ধাৰণ কৰিবলৈ অধ্যয়ন কৰে । কোঁৱৰৰ মিলন স্থাপন কৰা বাঁহৰ বাকচবোৰত ফেঁচাৰ কণী পোৱালি উলিওৱা, প্ৰজনন আৰু সম্পূৰ্ণ কৰাত 100% সফলতা দেখা পাইছিল গৱেষক শইকীয়াই ।
লক্ষ্মী ফেঁচা, বৰ্তমান বিলুপ্তিৰ পথত থকা এবিধ পক্ষী ফলস্বৰূপে এই গৱেষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিভাগ আৰু অসম চৰকাৰৰ যুটীয়াভাৱে (ICAR) আই চি এ আৰ ৰ গৱেষণা পত্ৰ ২০২১ চনৰ এপ্ৰিল মাহত অনুমতি প্ৰদান কৰে । তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম বাৰৰ বাবে এই পদ্ধতি অৱলম্বন কৰা হয় ভাৰতবৰ্ষৰ ভিতৰত তামিলনাডুৰ এটা ঠাইত ইয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে ।
উল্লেখযোগ্য যে, এই প্ৰচেষ্টাৰ ফলত দুটা ফল লাভ কৰিছে এটা কৃষকে আৰু আনটো প্ৰকৃতিৰ বাবে কাৰণ লক্ষ্মী ফেঁচাৰ লাহে লাহে প্ৰজনন হ্ৰাস পাইছে ৷ কাৰণ অত্যাধিক বন ধ্বংসৰ বাবে ওখ গছ গছনিৰ অভাৱৰ ফলত এইবিধ প্ৰাণীৰ সংখ্যা হ্ৰাস পাইছে বুলি ড৹ শইকীয়াই জনায় ।
লগতে পঢ়ক :5G Spectrum : দেশৰ সৰ্ববৃহৎ 5G স্পেকট্ৰামৰ নিলামৰ দৌৰত আম্বানী-আদানি