চতিয়া, 11 মাৰ্চ:জামুগুৰিহাটত অনুষ্ঠিত হোৱা বাৰেচহৰীয়া ভাওনা মহোৎসৱত ইছমাইল হোছেইনে ভাও লোৱাক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক ৷ এই বিতৰ্ক সন্দৰ্ভত শনিবাৰে সংবাদমেল সম্বোধন কৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিয়ে ৷ ইছমাইল হোছেইনক অযথা বিতৰ্কৰ সৃষ্টি নকৰিবলৈ সকীয়নি ভাওনা উদযাপন সমিতিৰ (Baresahariya Bhaona Controversy) ৷
শনিবাৰে সংবাদমেলত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই (Padma Hazarika) কয়, ‘‘বাৰেচহৰীয়া ভাওনা মহোৎসৱ কোনো জাতি বা কোনো ধৰ্মৰ ভেদ-ভাৱ নোহোৱাকৈ অনুষ্ঠিত হোৱা এক অনুষ্ঠান ৷ 226 বছৰীয়া গৌৰবোজ্জল এই ধৰ্মীয় অনুষ্ঠানভাগত সকলো জাতি-জনগোষ্ঠীৰ লোকেই অংশগ্ৰহণ কৰে ৷ এইবাৰো অঞ্চলটোৰ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ উপৰিও মুছলমান সম্প্ৰদায়ৰ লোকও সমিলমিলেৰে এই বাৰেচহৰীয়া ভাওনাভাগ সুন্দৰভাৱে অনুষ্ঠিত কৰিছে ৷’’
লগতে তেওঁ কয়, ‘‘ যোৱা 8 মাৰ্চৰ দিনা 14 নং খলাত যেতিয়া এজন ভাৱৰীয়া হিচাপতকৈ বেছিকৈ ওলাইছিল তেতিয়া বিচাৰকে বিষয়টো জনোৱাত ভাওনা পৰিচালনা সমিতিয়ে বিচাৰ-খোচাৰ কৰাতহে ইছমাইল হোছেইনৰ ভাও দিয়াটো পোহৰলৈ আহে ৷ লগে লগে পৰিচালনা সমিতিয়ে তেওঁক ভাও দিয়াত বাধা প্ৰদান কৰে ৷ এই বিষয়টোক লৈ ইছমাইল হোছেইনে অযথা বিতৰ্কত লিপ্ত হৈছে ৷’’