অসম

assam

ETV Bharat / state

Baresaharia Bhaona : বাৰেচহৰীয়া ভাওনা মহোৎসৱ মুকলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ - Biswajit Doimari inaugurated Baresaharia Bhaona

সোমবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ । ২২৬ বছৰীয়া জামুগুৰিহাটৰ এই বাৰেচহৰীয়া ভাওনা মহোৎসৱ মুকলি কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Baresaharia Bhaona of Jamugurihat Sonitpur) ।

tezpur
tezpur

By

Published : Mar 6, 2023, 8:35 PM IST

বাৰেচহৰীয়া ভাওনা আৰম্ভ

তেজপুৰ, ৬ মাৰ্চ : বৰ্ণাঢ্য সংস্কৃতিক কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ২২৬ বছৰীয়া ঐতিহাসিক বাৰেচহৰীয়া ভাওনা মহোৎসৱ (Baresaharia Bhaona Mahotsav 2023) । এই উপলক্ষে জামুগুৰিহাটৰ বৰভগীয়া নামঘৰ প্ৰাঙ্গণৰ পৰা গুণমালা পুথি লৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Biswajit Doimari inaugurated Baresaharia Bhaona) । তেওঁক সংগ দিয়ে উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

বাৰেচহৰীয়া ভওনা উপলক্ষে বৰ্তমান এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে জামুগুৰিহাটৰ পকামূৰা পথাৰত (Baresaharia Bhaona president Padma Hazarika) । উল্লেখ্য, ২২৬ সংখ্যক এই ভাওনা মহোৎসৱৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ লোক সমাগত হৈছে (Baresaharia Bhaona of Jamugurihat Sonitpur) । এই ভাওনাৰ এক ঐতিহ্য আছে । সাম্প্ৰতিক সময়ত ৰাজহুৱা জীৱনৰ প্ৰাণ-প্ৰাচুৰ্যৰ লগতে শংকৰী সনাতন একশৰণ আদৰ্শৰ অনুপ্ৰেৰণা আৰু একান্ত ভকতিৰ মূৰ্তিমান প্ৰকাশ হৈছে এই বাৰেচহৰীয়া ভাওনা মহোৎসৱ । প্ৰত্যেক চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই ভাওনা উত্তৰ অসম তথা বৰ্তমান ভাৰতবৰ্ষৰ এক লেখত ল'বলগীয়া মহোৎসৱ হিচাপে পৰিগণিত হৈছে ।

শোণিত কোঁৱৰ গজেন বৰুৱাই এই ভাওনাক জামুগুৰিৰ পৰা উলিয়াই আনি অসম আৰু ভাৰতবৰ্ষৰ সংস্কৃতিপ্ৰেমীৰ লগত চিনাকি কৰি দিয়া প্ৰথমগৰাকী ব্যক্তি । বৰুৱাই ১৭৯৭- ৯৮ চনত আৰম্ভ হোৱা এই ভাওনাৰ ১৯৬৯ চনত পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি এক নতুন মাত্ৰা প্ৰদান কৰে । এই ভাওনাৰ এক বিশেষ গুৰুত্ব আছে । একেসময়তে একেলগে ২০-৩০ খন ভাওনা অনুষ্ঠিত হয় মণ্ডপৰ অন্তঃভাগত । প্ৰায় ৪০০ ৰো অধিক গায়ন-বায়ন, ঘোষা, ডবা, বৰকাঁহ, শংখ বাজে । ভোৰতাল, কালী, নাগাৰা, খোলৰ শব্দত জামুগুৰিত এক সুকীয়া পৰিৱেশ বিৰাজ কৰে ।

মণ্ডপৰ আকৃতি এপাহ পদুম ফুলৰ আৰ্হিত গাঁৱৰ ৰাইজে বহুদিনৰ পৰা যুগুত কৰা খেৰ-খাগৰি-বাঁহেৰে সাজি উলিওৱা হয় । ভিতৰত নিৰ্মাণ কৰা হয় ২০-৩০ টা নামঘৰৰ চক্ৰাকাৰ আৰু মণ্ডপৰ সোঁমাজত প্ৰতিষ্ঠা কৰা হয় ভাগৱত আৰু নামঘৰৰ চক্ৰৰ মাজৰ উমৈহতীয়া গোলাকাৰ অংগনত ধ্ৰুপদী পদচালনাৰে খোল-তাল বজাই কৰা ধেমালিয়ে দৰ্শকক অভিভূত কৰি তোলে । প্ৰতিটো নামঘৰৰ মাজেৰে একেলগে সূত্ৰ প্ৰৱেশ কৰে । এইবাৰ এই ভাওনাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :Ramsar Site Deepor Beel : দীপৰ বিল সংৰক্ষণত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

ABOUT THE AUTHOR

...view details