অসম

assam

ETV Bharat / state

Ban imposed on heavy vehicles: শোণিতপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা

বৰ্তমান বাৰিষাৰ বতৰত অবিৰত বৰষুণৰ বাবে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অধিক অৱনতি ঘটাৰ আশংকা কৰি আৰু যিকোনো বাহন চলাচলৰ বাবে বিপজ্জনক হৈ পৰাৰ ফলত শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ১০ চকীয়াতকৈ অধিক গধুৰ বোজা বহন কৰা বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ৷ অৱশ্যে অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিৰ্দেশনা ৷

By

Published : Jul 7, 2023, 9:07 AM IST

Ban imposed on heavy vehicles
ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা

তেজপুৰ, ৭ জুলাই: বাৰিষাৰ বতৰত অবিৰত বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অধিক অৱনতি ঘটাৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় ৷ যাৰবাবে ৰাষ্ট্ৰীয় ঘাইপথত যিকোনো বাহন চলাচলৰ বাবে বিপজ্জনক হৈ পৰিছে । এনে বহু দিশৰ প্ৰতি লক্ষ্য ৰাখি চিন্তাত পৰিছে শোণিতপুৰ জিলা প্ৰশাসন । সেয়েহে এনেবোৰ পৰিস্থিতিৰ পৰা দূৰত থকাৰ প্ৰতিকাৰ হিচাবে গধুৰ বোজা কঢ়িয়াই নিয়া অৰ্থাৎ ১০ চকীয়াতকৈ অধিক চকীয়া বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জিলাখনত জাৰি কৰা হৈছে ৷

বৃহস্পতিবাৰে জাৰি কৰা জৰুৰী জাননী অনুসৰি, শোণিপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত গধুৰ বোজা বহন কৰা অৰ্থাৎ ১২/১৬/২২/২৪ চকীয়া বাহন আদিৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ এই গধুৰ যান-বাহনৰ বাবে ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতিবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ দেৱ কুমাৰ মিশ্ৰই দুৰ্যোগ ব্যৱস্থাপনা আইন-২০০৫ ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰিছে ৷ অৱশ্যে অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নিৰ্দেশনা ৷

শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি, যোৱা ১৭ জুনত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত সংশ্লিষ্ট সকলোৰে সৰ্বসন্মতিক্ৰমে শোণিতপুৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথটোত ১০ চকীয়াতকৈ অধিক গধুৰ বোজা বহন কৰা বাহনৰ চলাচলত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই নিৰ্দেশ ৰূপায়ন কৰাৰ ক্ষেত্ৰত কোনো বিষয়া, কাৰ্যনিৰ্বাহক সংস্থা, বিভাগ, প্ৰতিষ্ঠান আৰু ব্যক্তি আদিক কাম সম্পন্ন কৰা সময়ত বাধা আৰোপ কৰিলে তেনে লোকৰ বিৰুদ্ধে প্ৰচলিত আইন আৰু নীতি অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে প্ৰশাসনৰ লোকে ।

লগতে পঢ়ক:Jal Jeevan Mission: গুৱাহাটীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ পূৰ্বোত্তৰ ভিত্তিক পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details