তেজপুৰ, 14 মে' :সম্প্ৰতি ধ্বংসৰ গৰাহত শোণিতপুৰ জিলাৰ বালিপৰা বনাঞ্চল। লক্ ডাউনৰ সুবিধা লৈ এচাম দুষ্কৃতিকাৰীয়ে দৈনিক এফালৰ পৰা কাটি তহিলং কৰিছে বনাঞ্চলখনৰ মূল্যবান গছসমূহ ৷ শোণিতপুৰৰ নামেৰী বনাঞ্চলৰ গাতে লাগি থকা বালিপাৰা বনাঞ্চলত চলিছে দুষ্কৃতিকাৰীৰ ধ্বংসযজ্ঞ। বনাঞ্চলখনত থকা মূল্যবান শাল, চেগুন আদি গছসমূহ কাটি তহিলং কৰিছে এচাম বন ধ্বংসকাৰীয়ে।
দুষ্কৃতিকাৰীৰ কবলত বালিপাৰা বনাঞ্চল - Balipara deforestation by wicked in Tezpur etv Bharat Assam
বনাঞ্চলখনত থকা মূল্যবান শাল,চেগুন আদি গছসমূহ কাটি তহিলং কৰিছে এচাম বন ধ্বংসকাৰীয়ে । এই ঘটনা নিতৌ সংঘটিত হৈ আহিছে যদিও বনাঞ্চলখনৰ পৰা মাত্ৰ ৫ কিল'মিটাৰ দূৰৈত থকা চাৰিদুৱাৰ বনবিভাগে কোনোধৰনৰ পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ কৰিছে স্থানীয় দল সংগঠনসমূহে ।
বনাঞ্চল ধ্বংস
এই ঘটনা নিতৌ সংঘটিত হৈ আহিছে যদিও বনাঞ্চলখনৰ পৰা মাত্ৰ ৫ কিল'মিটাৰ দূৰৈত থকা চাৰিদুৱাৰ বনবিভাগে কোনোধৰনৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় দল সংগঠনসমূহে । আনহাতে বনবিষয়াৰ লগত বুজাবুজি কৰিয়েই এচাম ব্যবসায়ীয়ে এনেধৰণে বনাঞ্চলখনত ধ্বংসযজ্ঞ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বহু স্থানীয় লোকে ।