তেজপুৰ, ৩০ জুন : বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল তেজপুৰ চহৰৰ মাজ মজিয়া ৷ সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে তেজপুৰত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহায়া লালৰহত্যাকাণ্ডৰ বিৰোধিতাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ (Bajrang Dal and Vishwa Hindu Parisad protest in Tezpur) ৷
কেৱল প্ৰতিবাদ কৰাই নহয়, দেশত জেহাদী কাৰ্যকলাপৰ বিৰোধিতা কৰি ৰাজস্থানৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে তেজপুৰৰ প্ৰতিবাদকাৰীসকলে ৷ লগতে এই ঘটনাৰ উচিত তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে তেজপুৰৰ বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাসকলে ৷
আনকি ঘটনা সন্দৰ্ভত আটকাধীন জেহাদী কেইজনক ফাঁচী দিয়াৰো দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷ লগতে ভৱিষ্যতে কোনো কাৰণতে কোনো ধৰণৰ ধৰ্মীয় হিংসাত্মক কাৰ্য সংঘটিত নহয়, তাৰ বাবেও চৰকাৰক কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ৷
উল্লেখ্য যে, ৰাজস্থানত মঙলবাৰে সংঘটিত কানহায়া হত্যাকাণ্ডৰ গোচৰৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ক অৰ্পন কৰা হৈছে ৷ বুধবাৰে এই গোচৰৰ দায়িত্ব গ্ৰহণ কৰি সংস্থাটোৱে অনুসন্ধান আৰম্ভ কৰিছে (NIA takes over Udaipur Killing case) ৷